কিংবদন্তি এইচ ৰ ১৬ তম বৰ্ষৰ উদযাপন ৰ বাবে টাটা মটৰছে মুকলি কৰিলে "১৬ ছাল বেমিচাল" অভিযান দেশৰ অন্যতম সফল ব্যৱসায়িক বাহন টাটা এইচ য়ে ১৬ বছৰীয়া যাত্ৰা অব্যাহত ৰাখিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 June 2021

কিংবদন্তি এইচ ৰ ১৬ তম বৰ্ষৰ উদযাপন ৰ বাবে টাটা মটৰছে মুকলি কৰিলে "১৬ ছাল বেমিচাল" অভিযান দেশৰ অন্যতম সফল ব্যৱসায়িক বাহন টাটা এইচ য়ে ১৬ বছৰীয়া যাত্ৰা অব্যাহত ৰাখিছে

 


W7s, News, ষ্টাফৰিপোৰ্টাৰ : দেশৰ আটাইতকৈ জনপ্ৰিয় ক্ষুদ্ৰ ব্যৱসায়িক বাহনটাটা এইচ ৰ ১৬ বছৰীয়া যাত্ৰাৰ প্ৰতি সন্মান জনাই, ভাৰতৰ বৃহত্তম ব্যৱসায়িক বাহন নিৰ্মাতা টাটা মটৰছে "১৬ ছাল বেমিচাল" অভিযান ৰ ঘোষণা কৰিছে। এই কৃতিত্ব উদযাপন ৰ বাবে, টাটা মটৰছে ৰোডশ্বো ৰ আয়োজন কৰিছে, য'ত টাটা এইচ বোৰে দেশৰ ১০ খন ৰাজ্যৰ মাজেৰে যাত্ৰা কৰিব। টাটা মটৰছে এই সুযোগতে, কোভিড-১৯ পেণ্ডেমিকৰ বৃদ্ধি ৰ বাবে মেডিকেল ফেচমাস্ক বিতৰণ কৰিব। এই অভিযানৰ লক্ষ্য হ'ল ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ লাভালাভ আৰু প্ৰতিদান সম্পৰ্কে প্ৰদৰ্শন কৰা, বিশেষকৈ পেণ্ডেমিকৰ ফলত হোৱা নিম্নগামী অৰ্থনৈতিক পৰিবেশত। সময়ৰ লগে লগে টাটা এইচ য়ে অনুমানিক ৪ কিলোমিটাৰ পথ ভ্ৰমণ কৰিব। গ্ৰাহকসকলে বাহন খনৰ আৰাম আৰু চলন ক্ষমতা সম্পৰ্কে অভিজ্ঞতা লাভ কৰিবলৈ টেষ্ট ড্ৰাইভ কৰাৰো সুবিধা লাভ কৰিব।

টাটা এইচ য়ে ভাৰতত ৪-চকীয়া ক্ষুদ্ৰ ব্যৱসায়িক বাহনৰ শাখাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে, মিনি ট্ৰাক শাখাত ৬০% তকৈ অধিক বজাৰ শ্বেয়াৰৰ সৈতে। যোৱা ১৬ বছৰত উদ্যোগী সকলৰ আটাইতকৈ পছন্দৰ বাহন হোৱাৰ পৰম্পৰা ৰক্ষাৰ লগতে  টাটা এইচ য়ে ভাৰতত  মিনি ট্ৰাকৰ এক ভেঁটি গঢ়ি তুলিছে। ২০০৫ চনত ইয়াৰ মুকলি ৰ সময়ৰ পৰা, "ছোটা ভীম" নামেৰে জনপ্ৰিয় মিনি ট্ৰাকসমূহ শক্তিশালী, বিশ্বাসযোগ্য বাহন হিচাপে প্ৰমাণিত হৈছে যিয়ে ২৩ লাখ তকৈও অধিক ভাৰতীয় ক জীৱন-যাপন আৰু উদ্যোগিক পথৰ মাধ্যম আগবঢ়াইছে। টাটা এইচ য়ে দেশ নিৰ্মাণ ত সহায় কৰিছে, দেশৰ পণ্য সামগ্ৰী পৰিৱহনৰ প্ৰয়োজন পূৰণ কৰিছে আৰু সঠিকভাৱে অন্যতম সফল ভাৰতীয় ব্যৱসায়িক বাহন হিচাপে গঠিত হৈছে।

টাটা মটৰছ ৰ গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজন ৰ বিশ্লেষণ ৰ সৈতে নিৰৱিচ্ছিন্ন সহযোগিতা ই টাটা এইচৰ ডিজাইন আৰু গঠনত নিৰ্ভূল আৰু ব্যাপক পৰিকল্পনাত ইন্ধন যোগাব পাৰিছে। ইয়াৰ সহজ অৰ্জন প্ৰক্ৰিয়া, পছন্দৰ দাম, সঞ্চালন আৰু ব্যৱস্থাপনা ৰ কম খৰচ আৰু উচ্চ ইন্ধন দক্ষতা বাহনখনৰ সফলতাৰ মূল অংশ। বাহনখন যথাযোগ্যভাৱে গঠন কৰা হৈছে সৰ্বোচ্চ ৰাজহ বৃদ্ধি ৰ বাবে আৰু এয়া নিশ্চিত কৰিছে অধিক যাত্ৰা, উচ্চতম বহন ক্ষমতা আৰু দ্ৰুত টাৰ্ণ এৰাউণ্ড সময়ে আৰু গ্ৰাম্য আৰু চহৰ দুয়োৰে পৰিবহনৰ প্ৰয়োজন পূৰণ কৰিবলৈ ও সক্ষম হৈছে।

অগ্ৰণী মিনি ট্ৰাক সম্পৰ্কে টাটা মটৰছৰ এসচিভি আৰু পিইউ - প্ৰডাক্ট লাইনৰ উপ-সভাপতি শ্ৰী বিনয় পাঠকে কয়,"পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই টাটা মটৰছে সদায় গ্ৰাহকৰ বাবে সুৰক্ষিত, বুদ্ধিমানী আৰু মূল্যবান অফাৰিং আগবঢ়োৱাৰ পথত নেতৃত্ব দি আহিছে। টাটা এইচ ৰ যোৱা ১৬ টা বছৰত বিকাশ আৰু গ্ৰাহক ৰ এইচ ব্ৰেণ্ড ৰ ওপৰত বিশ্বাস - টাটা মটৰছৰ শক্তিশালী অভিযান্ত্ৰিক দক্ষতা ৰ সাক্ষী আৰু লগতে কোম্পানীৰ গ্ৰাহক ৰ বাবে মানদণ্ড সৃষ্টি ৰ দৰ্শন। "১৬ ছাল বেমিচাল" অভিযানে প্ৰদৰ্শন কৰা টাটা এইচ পৰিয়ালৰ সমৃদ্ধিশালী চেষ্টা কেৱল টাটা মটৰছৰ বাবে ই নহয় ইয়াৰ ২৩ লাখ স্বত্বাধিকাৰীৰ বাবে ও  এক গৌৰৱৰ বিষয়। পৰিবহন ক্ষেত্ৰত নতুন প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে   টাটা এইচ এক গুৰুত্বপূৰ্ণ প্ৰথম বিনিয়োগ হ'ব পাৰে  আৰু আহিবলগীয়া বছৰসমূহত ইয়াৰ সমাদৰ অব্যাহত থাকিব বুলি আমি বিশ্বাসী। শেহতীয়া উন্নত বিএস৬ ৰ সৈতে, এইচ প্ৰশংসিত হৈছে ইয়াৰ উচ্চ ইন্ধন দক্ষতা, বিস্তাৰ ইন্ধন বিকল্প আৰু উচ্চ বহনক্ষম দক্ষতা ৰ বাবে, আৰু সেইবাবেই গ্ৰাহকৰ উপাৰ্জন ৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে।" 

আজি, এই এইচ গোল্ড ডিজেল, পেট্ৰল আৰু চিএনজি বিকল্প ত উপলব্ধ আৰু বহুতো প্ৰায়োগিকৰ বাবে মোতায়েন হৈছে, যেনে বজাৰ               ব্যৱস্থাপনা, ফল-মূল, শাক-পাচলি আৰু কৃষিজাত উৎপাদন বিতৰণ, এফএমচিজি আৰু এফএমচিডি পানীয় দ্ৰব্যৰ, ই-কমাৰ্চ, পাৰ্চেল আৰু     কুৰিয়াৰ, আচবাব, এলপিজি চিলিণ্ডাৰ, ডেয়াৰী, ফাৰ্মা আৰু খাদ্য দ্ৰব্য, শীতলীকৰণ পৰিৱহণ আৰু লগতে আৱৰ্জনা নিষ্কাসন ইত্যাদি। 

গ্ৰাম্য আৰু চহৰ অঞ্চল দুয়োটাতে সুবিধাজনক অৰ্থনৈতিক বিকল্প আৰু ইয়াৰ এসচিভি শাখাৰ বাবে সহজ ক্ৰয় ৰ বাবে টাটা মটৰছে শীৰ্ষস্থানীয় বেংক যেনে ষ্টেট বে‌ংক অৱ ইণ্ডিয়া আৰু অন্যান্য অৰ্থনৈতিক অনুষ্ঠানৰ সৈতে সংযুক্ত হৈছে। লগতে, টাটা মটৰছে সম্পূৰ্ণা সেৱা  ২.০ পদক্ষেপ ৰ অধীনত বিভিন্ন বাহন সেৱা, ফ্লিট ব্যৱস্থাপনা, বাৰ্ষিক ব্যৱস্থাপনা পেকেজ আৰু ব্যৱসায়িক বাহনৰ পুনৰ বিক্ৰী আগবঢ়াইছে। এই লাভালাভৰ কিছু লক্ষণীয় বৈশিষ্ট্য হ'ল সকলো বাহনৰ বাবে ৱাৰেণ্টি ৰ অধীনত টাটা এলাৰ্ট অফাৰিং ২৪x৭ ৰাস্তাৰ সহায়ক, টাটা কৱচ- দূৰ্ঘটনাগ্ৰস্ত হোৱা সকলো বাহন টাটা মটৰছৰ বীমা ৰ অধীনত ১৫ দিনৰ ভিতৰত পুনৰ মেৰামতি কৰা হ'ব আৰু টাটা জিপিৰ অধীনত সেৱা টাৰ্ণ এৰাউণ্ড সময় গেৰাণ্টি  ৰ দ্বাৰা সৰ্বাধিক আপটাইম নিশ্চিত। ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা মিনি ট্ৰাক টাটা এইচ সুন্দৰ ভাৱে গঠন হৈছে ভাৰতৰ ট্ৰাক ব্যৱস্থাপনা শাখাত চমু দূৰত্ব ৰ বিতৰণত আগভাগ  ল'বলৈ আৰু আহিবলগীয়া বছৰসমূহত লক্ষ্যাধিক সফলতাৰ কাহিনী আগবঢ়াবলৈ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here