সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ পৌৰ আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 June 2021

সদৌ অসম হৰিজন মজদূৰ ইউনিয়নৰ পৌৰ আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান



W7s, News ষ্টাফৰিপোৰ্টাৰ : সদৌ অসম হৰিজন মজদূৰ ইউনিয়নয়ে সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশিস শৰ্মাক এখন দাবী সম্বলিত  স্মাৰকপত্ৰ প্ৰদান কৰে। এই সম্পৰ্কে ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বছফৰে কয় ' গুৱাহাটীৰ চাফাই কৰ্মৰ বাবে প্ৰতি তিনি বছৰত ১৩০ কৌটি টকা পৌৰ নিগমে চৰকাৰৰ পৰা লাভ কৰি আহিছে। মাজতে গুৱাহাটীৰ চাফাই কৰ্ম ব্যক্তিগতকৰণৰ নামত ব্যক্তিগত প্রতিষ্ঠানক ঠিকা ভিত্তিক  নিয়োগ কৰা হৈছিল।

চাফাই কৰ্মত ঠিকাদাৰী ব্যৱস্থা প্ৰবৰ্তনৰ আমি তীব্ৰ বিৰোধিতা কৰি আহিছোঁ। নিগমে ষ্টাফিং পেটাৰ্ণ অনুযায়ী চাফাই কৰ্মচাৰী নিয়োগ প্ৰক্ৰিয়া আৰম্ভ কৰক, চাফাই কৰ্মচাৰীৰ সংখ্যা প্ৰয়োজন অনুপাতে বৃদ্ধি কৰক। যদিহে চাফাই কৰ্মত ঠিকাদাৰী ব্যৱস্থা প্ৰবৰ্তন কৰে তেতিয়াহলে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here