গুৱাহাটী বিশ্ববিদ‍্যালয়ত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 June 2021

গুৱাহাটী বিশ্ববিদ‍্যালয়ত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন

 


W7s News ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটী: আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস' আৰু 'কনকলতা বৰুৱা ৭ নং তিনিমহলীয়া ছাত্ৰী-নিবাস'ৰ উদ্যোগত দেওবাৰে সন্ধিয়া ৬:৩০ বজাত এখন অনলাইন আলোচনা সত্ৰৰ আয়োজন কৰা হয়। দুয়োটা আৱাসৰ ফেচবুক পেজৰ পৰা ফেচবুক লাইভ যোগে সম্প্ৰচাৰিত অনুষ্ঠানটোৰ বিষয় আছিল, -"যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ বৰ্ধিত আসক্তি - অসমৰ প্ৰেক্ষাপটত এক সমস‍্যা আৰু ইয়াৰ সমাধান"। অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি, নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অংশগ্ৰহণকাৰীসকলক উদ্দেশ‍্যি নিজৰ ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা বহুখিনি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। তেখেতে সমাজত ড্ৰাগছৰ চাহিদা হ্ৰাস কৰিব পাৰিলেহে ইয়াৰ যোগান বন্ধ হ'ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্ত‍্যব‍্য কৰে। তেওঁ কয়, প্ৰতিটো পৰিয়ালতে অভিভাৱকে সৰুৰ পৰাই নিজৰ সন্তানৰ মনত নৈতিক মূল‍্যবোধ জগাই তুলিলে এদিন গোটেই সমাজখনেই ড্ৰাগছ মুক্ত হ'ব। অনুষ্ঠানটোত উপস্থিত থকা আন‍্যান‍্য বিশিষ্ট অতিথি সকলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি, যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড° চন্দন কুমাৰ গোস্বামী তথা ইণ্টিগ্ৰেটেড ডেভলপমেন্ট এচ'চিয়েচনৰ চেয়াৰমেন সঞ্জয় হাজৰিকা অন্যতম। লগতে অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সমাজসেৱা বিভাগৰ সম্পাদিকা ভূপালী তামুলী। ছাত্ৰ কল‍্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে যোগাভ‍্যাস তথা শৰীৰচৰ্চাৰ জড়িয়তে কিদৰে যুৱ প্ৰজন্মক ড্ৰাগছৰ অন্ধকাৰময় পৃথিৱীখনৰ পৰা দূৰত ৰাখিব পাৰি সেই বিষয়ে আলোকপাত কৰে। অসমৰ প্ৰেক্ষাপটত ড্ৰাগছ সৃষ্ট সমস‍্যাৰ বিষয়ে ক'বলৈ গৈ, ড° চন্দন কুমাৰ গোস্বামীয়ে উল্লেখ কৰে যে, অসমত ড্ৰাগছ জনিত সমস‍্যা নতুন নহয় যদিওঁ শেহতীয়া ভাৱে ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে লগতে ইয়াৰ লগত জড়িত বিভিন্ন দিশ পোহৰলৈ আহিছে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সঞ্জয় হাজৰিকাই ইণ্টিগ্ৰেটেড ডেভলপমেন্ট এচ'চিয়েচন অসমে কিদৰে সমাজৰ পৰা ড্ৰাগছ নিৰ্মূলৰ বাবে কাম কৰি আছে এই বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে। অনুস্থানটো সফলভাৱে চলাই নিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ মৃণাল শইকীয়া তথা ইতিহাস বিভাগৰ ছাত্ৰী ৰশ্মি কলিতাই।

আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱস উপলক্ষে আয়োজিত অনুস্থানটোৰ জৰিয়তে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী তথা আন ব্যক্তিসকল যথেষ্ট উপকৃত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here