দিঘলীপুখুৰীৰ মাছৰ মৃত্যুৰ কাৰণ অতিমাত্ৰা জৈৱিক পদাৰ্থ আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 June 2021

দিঘলীপুখুৰীৰ মাছৰ মৃত্যুৰ কাৰণ অতিমাত্ৰা জৈৱিক পদাৰ্থ আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস

 




W7s, News, ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ দিঘলীপুখুৰীত দেওবাৰে বহুসংখ্যক মৃত মাছ ওপঙি থকা দেখা যায়।পানীত মাছ ওপঙি থকা বিষয়টো চকুত পৰাৰ লগে লগে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তৃপক্ষক দিঘলীপুখুৰী পৰিদৰ্শন কৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বিভাগীয় বিষয়াসকলে মৃত মাছ আৰু পুখুৰীৰ পানীৰ নমুনা পৰীক্ষা কৰি নিৰূপণ কৰে যে জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটে। মন্ত্ৰী শুক্লবৈদ্যই প্ৰকাশ কৰে, “ হঠাৎ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে মাত্ৰাধিক জৈৱিক পদাৰ্থৰ বাবেই মাছসমূহৰ মৃত্যু হয়। বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰি পাইছে যে কোনো বিষ মিহলোৱা বাবে মাছৰ মৃত্যু হোৱা নহয়, বৰঞ্চ পৰিৱেশ অৱক্ষয়ৰ ফলতহে হৈছে।“



তৎকালীনভাৱে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত বিভাগে পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here