কেন্দ্রীয় ট্রেড ইউনিয়নসমূহৰ আহ্বানত 'কৃষি বচাওক, গণতন্ত্র বচাওক' ৰাষ্ট্ৰজোৰা প্রতিবাদ দিৱসত এ.আই.টি.ইউ.চি., অসম ৰাজ্য পৰিষদৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 June 2021

কেন্দ্রীয় ট্রেড ইউনিয়নসমূহৰ আহ্বানত 'কৃষি বচাওক, গণতন্ত্র বচাওক' ৰাষ্ট্ৰজোৰা প্রতিবাদ দিৱসত এ.আই.টি.ইউ.চি., অসম ৰাজ্য পৰিষদৰ

 


সংহতি-জ্ঞাপন কাৰ্য্যসূচী



W7s, News ষ্টাফৰিপোৰ্টাৰ : 

 'সংযুক্ত কিষান ম'ৰ্চাৰ নেতৃত্বত তিনিখন ক'লা কৃষি আইন বাতিলৰ বাবে সংঘটিত ঐতিহাসিক সংগ্ৰামৰ ২৬ জুনত সাত মাহ সম্পূৰ্ণ হোৱাৰ লগতে উক্ত সন্দৰ্ভত জীৱন বলিদান দিয়া সংগ্রামী কিংবদন্তী নেতা স্বামী সহজানন্দ সৰস্বতীৰ মৃত্যু বার্ষিকী উপলক্ষে স্বেচ্ছাচাৰী বিজেপি চৰকাৰৰ অঘোষিত জৰুৰীকালীন শাসনৰ বিৰুদ্ধে এই দিনটোত দেশৰ কেন্দ্ৰীয় ট্রেড ইউনিয়ন বিশেষকৈ আই.এন.টি.ইউ.চি., এ.আই.টি.ইউ.চি., এইচ.এম.এচ. চি.আই.টি.ইউ. এ.আই.ইউ.টি.ইউ.চি. আদিয়ে আহ্বান কৰা 'কৃষি বচাওক, গণতন্ত্ৰ বচাওক’ ৰাষ্ট্ৰজোৰা প্ৰতিবাদ দিৱসত নিখিল ভাৰত ট্রেড ইউনিয়ন কংগ্ৰেছ চমুকৈ এ.আই.টি.ইউ.চি., অসম ৰাজ্য পৰিষদেও অসমৰ বিভিন্ন অঞ্চলত সংহতি জ্ঞাপন কাৰ্য্যসূচী পালন কৰে। গুৱাহাটী ক্লাৱৰ সন্মুখত অনুষ্ঠিত উক্ত প্রতিবাদী কাৰ্য্যসূচীত আজিকোপতি কেন্দ্রীয় বিজেপি চৰকাৰে ক'লা তিনি কৃষি আইন আৰু চাৰি শ্ৰম ক’ড বাতিল নকৰি কেৱল সাম্প্রদায়িক চিন্তাধাৰাৰে ক্ষমতাৰ লালসাত ক'ভিড-১৯ পৰিস্থিতি মোকাবিলা কৰাত গুৰুত্ব নিদি মূল্য বৃদ্ধিৰ জ্বলন্ত সমস্যা সমাধানৰ যথোচিত ব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত ক্ষুৰধাৰ সমালোচনা কৰা হয় আৰু হাতে হাতে প্লে-কার্ড প্রতিবাদী শ্লোগান দিয়ে। কাৰ্য্যসূচীত সংগঠনটোৱে দাবী তোলে—


শ্রমিক বিৰোধী চাৰি শ্ৰম সংহিতা, ক’লা তিনি কৃষি-আইন, বিদ্যুৎ বিল সংশোধনী, ২০২১ বাতিল কৰা, কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমর্থন মূল্য আইন সিদ্ধ কৰা, আয়কৰ দিব নলগা সকলোকে মাহিলী ৭৫০০/- টকাকৈ দিয়া তথা প্ৰতি পৰিয়ালৰ প্ৰতিজনক মাহে দহ কিলোগ্রাম বিনামূলীয়া ৰেচন যোগান ধৰা। দেশৰ ৰাজহুৱা খণ্ড তথা চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা আৰু সকলো ধৰণৰ সাম্প্রদায়িক আৰু দেশ বিৰোধী জনগণ বিৰোধী নীতি বাতিলৰ লগতে ক’ভিড-১৯ প্ৰতিৰোধ যুদ্ধত ব্ৰতী— সকলো শ্রমিক-কর্মচাৰীক পঞ্চাশ লাখ বীমা সুনিশ্চিত কৰাৰ দাবী জনায়। এ.আই.টি.ইউ.চি., অসমৰ সাধাৰণ সম্পাদক ৰমেন দাস, উপ-সভাপতি চক্ৰেশ্বৰ কলিতা, সম্পাদক ফণীধৰ দাস, অন্যতম নেতা বাবুল চৌধুৰী আদিয়ে কাৰ্য্যসূচীত প্রতিবাদী ভাষণেৰে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here