জৰুৰী অৱস্থাৰ ইতিহাসক অপবাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই - দেৱব্ৰত শইকীয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 June 2021

জৰুৰী অৱস্থাৰ ইতিহাসক অপবাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই - দেৱব্ৰত শইকীয়া

 







W7s, News নিউজ ডেস্ক : 'জৰুৰী অৱস্থাৰ ইতিহাসক অপবাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই-এইদৰে কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শনিবাৰে এক বিবৃতিযোগে দেৱব্ৰত

শইকীয়াই কয় 'সংবিধানৰ মৰ্যদা আৰু মুখ্যমন্ত্ৰীৰ সংকল্প 

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত  বিশ্ব শৰ্মাই ১৯৭৫ চনৰ ২৫ জুন অৰ্থাৎ পৰা ৪৬ বছৰ আগৰ ভাৰতবৰ্ষত ঘোষিত জৰুৰী ব্যৱস্থাৰ বুৰঞ্জী আগত ৰাখি কিছুমান অপবাখ্যা আগবঢ়াই ৰাইজক পুনৰবাৰ ভ্ৰমিত কৰাৰ প্ৰয়াস কৰিছে।তাৰ বাবে এইবাৰ বাতৰি কাকতক মাধ্যম হিচাপে গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ প্ৰণেতা ড০ ভীমৰাও  আম্বেদকাৰক তেওঁ সন্মান জনাইছে মুখেৰেহে, কিন্তু কাৰ্যপদ্ধতিৰে নহয়। যেনে আম্বেদকাৰে স্পষ্টভাৱে কৈছিল, “If Hindu Raj does become a fact, it will, no doubt, be the greatest calamity for this country. No matter what the Hindus say, Hinduism is a menace to liberty, equality and fraternity. On that account it is incompatible with democracy. Hindu Raj must be prevented at any cost”. ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে, আম্বেদকাৰৰ কাম্য সামাজিক গণতন্ত্ৰ হৈছে এনে এক জীৱন চয়া, য’ত স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধকেই জীৱনৰ মূল মন্ত্ৰ বুলি ধৰি লোৱা হয়। এই মন্তব্যৰ দ্বাৰা আম্বেদকাৰে সম্প্ৰদায় অথবা ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ তৈয়াৰ হোৱা চিন্তাধাৰা পোনপোতীয়াকৈ নাকচ কৰিছিল। ড০ শৰ্মাই বক্তব্যটো নিজ দলৰ মূল সাম্প্ৰদায়িক নীতিৰ সপক্ষে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে। সেয়েহে তেওঁৰ বক্তব্যত ‘‘বহু জাতিবৰ্ণ আৰু ভাষাৰ দেশ ভাৰতবৰ্ষত’’ ‘বিভিন্ন ধৰ্ম’ বাক্যটো উল্লেখ নাই। কথাটো লক্ষ্যণীয়। এতিয়া সাম্প্ৰতিক কথালৈ আহো - বিজেপি শাসনৰ কু-ফল কংগ্ৰেছলৈ ঠেলি দিয়াৰ অভ্যাসটো দলটোৰ বাবে এটা এৰাব নোৱাৰা বেমাৰত পৰিণত হৈছে। দেশৰ নাগৰিক মূল্যবৃদ্ধিৰ চেপাত সৰ্বশ্ৰান্ত  হৈছে, ইয়াৰ বাবে ১৯৭৫ চনৰ জৰুৰী অৱস্থা দায়ী? উত্তৰ প্ৰদেশত সহস্ৰ মৃতদেহ পবিত্ৰ গংগাৰে সৎকাৰহীন হৈ ভাহি গৈছে, তাৰ বাবে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী দায়ী? সাম্প্ৰদায়ীক মনোভাব পোষণ কৰি ধৰ্মনিৰপেক্ষ কাঠামো ধ্বংস কৰাৰ বাবে ‘কা’ আইন জাপি দিয়া হৈছে, প্ৰতিবাদকাৰী সকলক সন্ত্ৰাসবাদী সজাই জেললৈ নিক্ষেপ কৰা হৈছে। পৰাম্পৰাগত ভাবে গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী ভাৰতবৰ্ষত এইবোৰ কি চলিছে? ইন্দিৰা গান্ধীয়ে আঢ়ৈ বছৰৰ বাবে জৰুৰী অৱস্থা বাহাল ৰাখিছিল, এয়া ৬০-৭০ বছৰীয়া কংগ্ৰেছী শাসনৰ এটা ক্ষুদ্ৰ অংশ। কিন্তু বিগত ৭ বছৰে দেশত যি ধৰণে মানৱাধিকাৰ খৰ্ব কৰা হৈছে, সেয়া নজিৰ বিহীন। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ স্বকীয়তা খৰ্ব কৰাৰ বাবে নতুন আইন প্ৰৱৰ্তন কৰা হৈছে, এইবোৰ কি গণতান্ত্ৰীক প্ৰমূল্য? 

ড০ হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লৈ সংবিধানৰ মূল ভাৱাদৰ্শৰ সৈতে একাত্ম হৈ কাম কৰক। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ আদৰ্শগত বিৰোধ থাকক। কিন্তু বিজেপি বিৰোধক সন্ত্ৰাসবাদ অথবা ৰাষ্ট্ৰদ্ৰোহ আখ্যা দিয়া কৰ্যকো সাহস আছে যদি তেওঁ গৰিহণা দিয়ক। উল্লখ্য,  দেবাংগনা কলিতা আৰু আন দুগৰাকীক জামিন প্ৰদানকাৰী ঐত্যিহাসিক দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়টোত চৰকাৰৰ স্বেচ্ছচাৰী ভূমিকাক যথেষ্ট কঠোৰ ভাবে ভৎসনা কৰা হৈছে। আচলতে সেই সমালোচনাৰ মুখামুখি হৈ চৰকাৰে আত্মসমালোচনা কৰি গণতান্ত্ৰৰ পথ অৱলম্বন কৰা উচিত আছিল। তাকে নকৰি বিষয়টো পিছুৱাই নিবলৈ আইনী প্ৰক্ৰিয়া বাহাল ৰাখিলে। শেষত ন্যায়লয়ৰ ওচৰত নতি স্বীকাৰ কৰি চৰকাৰে শিক্ষাৰ্থী তিনি গৰাকীক মোকলাই দিলে। নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনেঞ্চৰ সকলো ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি কি হ’ল? এতিয়াচোন বিভিন্ন চলাহি কৌশল অৱলম্বন কৰি দুখীয়া ৰাইজক আভুৱা ভাৰিবলৈ লৈছে। এয়াঁও ৪৬ বছৰ আগৰ জৰুৰী অৱস্থাৰ বাবে হ’ল নেকি?'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here