W7s, News, ষ্টাফৰিপোৰ্টাৰ : বন আৰু পৰিৱেশ বিভাগৰ কৰ্তৃপক্ষই টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত ওদালগুৰি জিলাৰ ১ নং ৱাৰ্ডৰ জালুকবাৰী অঞ্চলত বৃহৎ সংখ্যক বগলী নিধন হোৱা বাবে বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশমৰ্মে পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘটনা সন্দৰ্ভত মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত চাহাইক এই ঘটনাৰ সূক্ষ্ম তদন্ত কৰিবলৈ আৰু এই বিষয়ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দ্দেশ দিয়ে।
ধনশিৰি বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া এন কে বৰদলৈ এই ঘটনাৰ বিষয়ে অনুসন্ধান চলাই আৰু এইয়া নিশ্চিত কৰে যে টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়া শান্তনু দাসে ৮ জুনৰ দিনা ৱাৰ্ড নং ১ আৰু ৱাৰ্ড নং ২ ৰ মুঠ আঠ ঘৰ বাসিন্দাক তেওঁলোকৰ বাঁহ গছত বাহ সাজি থকা বগলী আৰু ইয়াৰ পোৱালিসমূহে বিষ্ঠা কৰি লেতেৰা পৰিৱেশ সৃষ্টি কৰা আৰু ইয়াৰ বাবে ক'ভিড-১৯ সংক্ৰমণৰ সম্ভাৱনা বাঢ়িব পাৰে বাবে বাঁহগছসমূহ কাটিবৰ বাবে জাননী প্ৰেৰণ কৰিছিল। সেইমতে পৌৰসভাৰ কৰ্মচাৰীয়ে বাঁহগছসমূহ কাটি দিয়াৰ ফলত যথেষ্ট সংখ্যক বগলী চৰাইৰ মৃত্যু হয়।
ইতিমধ্যে কাৰ্যবাহী বিষয়া দাসৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষী চকীত বন কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে। ইয়াৰ উপৰিও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ ৰ ৫৫ সংখ্যক খণ্ড অনুযায়ী দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।
বন সংমণ্ডল বিষয়া, বৰদলৈয়ে জনায় যে ৮৮ টা বগলী চৰাইৰ পোৱালি উদ্ধাৰ কৰা হৈছে আৰু বন্যপ্ৰাণী পুন:সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ, কাজিৰঙালৈ প্ৰেৰণ কৰা হৈছে।
বগলী চৰাই বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ ৰ চতুৰ্থ অনুচ্ছেদত অন্তৰ্ভুক্ত।
স্থানীয় বন কৰ্তৃপক্ষই স্থানীয় ৰাইজ, বেচৰকাৰী সংস্থা আৰু চৰকাৰী বিষয়াসকলৰ মাজত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সভা অনুস্থিত কৰাৰ পৰিকল্পনা কৰিছে।

No comments:
Post a Comment