দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত শিল্পীক সাহায্য প্রদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 June 2021

দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত শিল্পীক সাহায্য প্রদান

 '





W7s, News, ষ্টাফৰিপোৰ্টাৰ :  ক'ভিড পৰিস্থিতিত অন্যান্য কর্মক্ষেত্রৰ লগত জড়িত লোকসকলৰ দৰে শিল্পীসকলো আর্থিক দিশত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । সংগীতৰ পৰা আৰম্ভ কৰি চলচ্চিত্রজগতলৈ প্রায় বিভিন্ন কর্মত নিয়োজিত ব্যক্তিসকলৰ এই সংকটকালীন সময়ত শিল্পীসকলক কিছু সকাহ প্রদানৰ বাবে  ‘দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত অসমীয়া সংগীতজগতৰ বহুসংখ্যক নবীন-প্রবীন বাদ্যযন্ত্রীৰ লগতে কিছু সংখ্যক কলা-কুশলী, গাড়ীচালক, ৰান্ধনী, স্পটবয়ৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্রী তথা দৈনন্দিন ব্যৱহার্য বস্তু বিতৰণ কৰা হয় । ‘দীক্ষু ফাউণ্ডেচন’ৰ উদ্যোগত অসমৰ জনপ্রিয় কণ্ঠশিল্পী দীক্ষু আৰু বিজিয়েটা পাটগিৰীয়ে গুৱাহাটীৰ কাহিলীপাৰাস্থিত ‘জ্যোতি চিত্রবন’ত প্রায় ৫০ জন শিল্পীৰ মাজত এই খাদ্য-সামগ্রী বিতৰণ কৰে। ফাউণ্ডেচনৰ উদ্যোগত বিগত বর্ষতো প্রায় ২০০তকৈও অধিক শিল্পীক সাহায্য প্রদান কৰা হৈছিল । এই কাৰ্যসূচীৰ জৰিয়তে কণ্ঠশিল্পী দিক্ষু শৰ্মাই কয়, ‘সংকটকালীন সময়ত আমি সমাজৰ বিভিন্ন ক্ষেত্রৰ লগত জড়িত লোকসকলে পৰস্পৰে পৰস্পৰক পার্যমানে কিঞ্চিৎ সহায় আৰু সহযোগিতা আগবঢ়ালেহে, এই সংকটৰ পৰা পৰিত্রাণ পাম ।’ ফাউণ্ডেচনৰ তত্ত্বাৱধানত এই সাহায্য প্রদান কার্যসূচী অনাগত দিনতো অব্যাহত থাকিব বুলি কণ্ঠশিল্পীজনে জানিবলৈ দিয়ে তথা ক'ভিড মহামাৰীৰ সময়ত সকলোকে সজাগ আৰু সচেতন হৈ থকাৰ লগতে চৰকাৰৰ এছ অ’ পি মানি চলিবলৈ আহ্বান জনায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here