গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ প্ৰায়স গুৱাহাটী পৌৰ নিগমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 June 2021

গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ প্ৰায়স গুৱাহাটী পৌৰ নিগমৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ :

 গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে দৃঢ় সংকল্প লৈছে  বিভাগীয় মন্ত্ৰী, পৌৰ নিগমৰ নতুন আয়ুক্তৰই। সম্প্ৰতি তীব্ৰ গতিত চলিছে নলা নৰ্দমা পৰিস্কাৰৰ কাম।  গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘলৰ নির্দেশমর্মে পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা নিষ্কাশনৰ লগতে বাৰিষাৰ সময়ছোৱাত যাতে কৃত্রিম বানৰ ফলত কোনো অঘটন ঘটিব নোৱাৰে, তাৰ বাবে সতর্কতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷

বিশেষকৈ মহানগৰীৰ অলিয়ে–গলিয়ে থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাৰ বাবে পৌৰ নিগমে বিভাগীয় কর্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অনিল নগৰ, নবীন নগৰৰ লগতে  হাতীগাঁও, লখৰা, বশিষ্ঠ আদি মহানগৰীৰ ভিন্ন অঞ্চলত ক্ষিপ্রতাৰে চলিছে নলা নিষ্কাশনৰ কাম৷ তদুপৰি মহানগৰীৰ বাহিনী নৈৰ দুয়োকাষে থকা আৱর্জনা নিষ্কাশনৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ সেইদৰে মহানগৰীৰ পথ, উপপথত থকা আৱর্জনা নিষ্কাশনৰো কাম দিনে–নিশাই পৌৰ নিগমৰ কর্মীসকলে কৰি থকা পৰিলক্ষিত হৈছে৷ বিগত কেইবাদিনো ধৰি সান্ধ্য আইনৰ মাজতে নিশাৰ ভাগতো পৌৰ নিগমৰ কর্মচাৰীয়ে ৰাজপথৰ আৱর্জনা পৰিষ্কাৰ কৰি আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ভৰলু নদীৰ খনন কার্যও অব্যাহত ৰাখিছে৷ এক্সকেভেটৰেৰে ভৰলু নদীৰ খনন আৰু পৰিষ্কাৰৰ কাম চলি আছে ৷

পৌৰ আয়ুক্ত দেৱাশিস শর্মাই দায়িত্ব গ্রহণ কৰিয়েই মহানগৰবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ আশ্বাস প্রদান কৰিছে৷ আয়ুক্ত শর্মাই মহানগৰবাসীক তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে গুৱাহাটী পৌৰ নিগমৰ ফেচবুক পেজ, টুইটাৰ, জি এম চিৰ নিয়ন্ত্রণ কক্ষত ফোনযোগেও অৱগত কৰিবলৈ আহ্বান জনাইছে৷৷ প্লাষ্টিক আৰু অন্যান্য আৱর্জনা যাতে কোনো লোকে নলাত দলিয়াই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে আহ্বান জনাই স্থানীয় লোকক কৃত্রিম বান সমস্যা দূৰ কৰাৰ ক্ষেত্রত সহযোগ কৰিবলৈ আহ্বান জনায়৷ নৱ নিৰ্বাচিত মন্ত্ৰী অশোক সিংঘল আৰু নৱনিযুক্ত মহানগৰ পৌৰনিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাই এইবাৰ গুৱাহাটী বাসীক বানমুক্ত কৰাৰ আশ্বাস প্ৰদান কৰাৰ পিছত এনেদৰেই দিনে নিশাই এতিয়াই মহানগৰীৰ পথ - উপপথৰ নলা নৰ্দমা চাফা কৰাত নামি পৰিছে পৌৰ নিগম ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here