গ্ৰাহকলৈ ১ লাখ টকাৰ কৌন বনেগা লাখপতি পুৰস্কাৰ লাভৰ আঁচনি সূৰ্য চিমেন্টৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 27 June 2021

গ্ৰাহকলৈ ১ লাখ টকাৰ কৌন বনেগা লাখপতি পুৰস্কাৰ লাভৰ আঁচনি সূৰ্য চিমেন্টৰ

 



ওদালগুৰিৰ  নাওবন্ধাৰ ইন্দ্ৰমোহন নাথ  হৈছে ১ লাখ টকা ঘৰলৈ লৈ যোৱা  সপ্তম জন গ্ৰাহক


 সূৰ্য চিমেণ্ট কৌন বনেগা লাখপতিয়ে গ্ৰাহকৰ আনন্দ বৃদ্ধি কৰে


W7s, News, ষ্টাফৰিপোৰ্টাৰ:   ক'ৰনা মহামাৰীৰ সংকটকালত আৰু বৰ্ষা ঋতুৰ এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ এক পছন্দৰ ব্ৰেণ্ড আৰু আগশাৰীৰ নিৰ্মাণ সামগ্ৰী উদ্যোগ সূৰ্য চিমেণ্টে গ্ৰাহকৰ বাবে বিশেষ অফাৰৰ ঘোষণা কৰিছে। তেওঁলোকৰ সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকে লাখপাতি হোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। এই সময়ছোৱাত আনন্দ বৃদ্ধি কৰাৰ বাবে সূৰ্য চিমেণ্টে 'কৌন বনেগা লাখপতি' নামৰে এক বিশেষ অফাৰৰ ঘোষণা কৰিছে। 

সূৰ্য গোল্ড চিমেণ্টৰ গ্ৰাহক  ওদালগুৰিৰ নাওবন্ধাৰ ইন্দ্ৰমোহন নাথে  কৌন বনেগা লাখপতি প্ৰচাৰ আঁচনিৰ অধীনত ১ লাখ টকা লাভ কৰিছে। তেওঁ হৈছে সূৰ্য চিমেন্টৰ তৰফৰ পৰা আজিলৈ ১ লাখ টকা লাভ কৰা সপ্তম জন গ্ৰাহক। 

চিমেন্ট কোম্পানীটোৱে প্ৰায় ১২০ দিনৰ বাবেহে এই প্ৰচাৰ আঁচনি ঘোষণা কৰিছে। চাৰি মাহৰ দীঘলীয়া সময়ৰ বাবে গ্ৰাহকলৈ আগবঢ়োৱা এই প্ৰচাৰ আচঁনিখন ১৫ মে'ত আৰম্ভ কৰা হৈছিল আৰু ৰাজ্যত ১৫ ছেপ্টেম্বৰত বন্ধ হ'ব। অফাৰ চলি থকা সময়ছোৱাত সূৰ্য গোল্ড চিমেণ্ট আৰু সূৰ্য কংক্ৰিটকৰ প্ৰতিটো বেগত এখন কুপন থাকিব। গেৰাণ্টিযুক্ত মূল্যৰ প্ৰতিটো বেগত থকা কুপনৰ ধন গ্ৰাহকে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ/বিক্ৰী বিপনীৰ পৰা গ্ৰহণ কৰিব পাৰিব। এই অফাৰৰ সুযোগ গ্ৰহণ কৰিবলৈ গ্ৰাহকে অফাৰ ম্যাদৰ ভিতৰত ইয়াৰ কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ/আউটলেটৰ পৰা সূৰ্য চিমেণ্ট সামগ্ৰী ক্ৰয় কৰিব লাগিব।

কৌন বনেগা লাখপতি অফাৰৰ বিষয়ে পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ এম.ডি  মধুৰ আগৰৱালাই কয়- " সূৰ্য চিমেন্টৰ ওপৰত নিৰন্তৰ বিশ্বাস বৰ্তাই ৰখাৰ বাবে মই আমাৰ গ্ৰাহকসকলক ধন্যবাদ জনাব লাগিব।ইয়াৰ বাবে কৌন বনেগা লাখপতি সূৰ্য চিমেণ্টৰ তৰফৰ পৰা গ্ৰাহকলৈ আগবঢ়োৱা ধন্যবাদৰ এক প্ৰতীক।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here