সদৌ অসম ৰেষ্টুৰেণ্ট এছ'চিয়েচন ক'ভিড ভেকচিন শিবিৰ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 June 2021

সদৌ অসম ৰেষ্টুৰেণ্ট এছ'চিয়েচন ক'ভিড ভেকচিন শিবিৰ সম্পন্ন

 




W7s news, ষ্টাফৰিপোৰ্টাৰ:  সদৌ অসম ৰেষ্টুৰেণ্ট এছ'চিয়েচন (আৰা)ৰ উদ্যোগত ১৩ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভেকচিন শিবিৰৰ মঙলবাৰে সামৰণি পৰে। গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ 'গুৱাহাটী চেণ্ট্ৰেল'ৰ এগজ'টিকা গ্ৰীনৰ পাৰ্কিঙত এই শিবিৰৰ আয়োজন কৰা হয়। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদানৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে  অভিনেত্ৰী আইমী বৰুৱাই। এই শিবিৰত 'মেডিচিটি গুৱাহাটী'ৰ সঞ্চালক ডাঃ চিৰঞ্জীব চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা নাৰ্ছ অনামিকা ডেকা, ৰীণা বেগম, ইন্দ্ৰজিত সৰকাৰ আৰু ৰোছনে সহযোগিতা আগবঢ়ায়। তিনিওদিনা গুৱাহাটীৰ ১০০ খন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী, মেনেজাৰ আৰু কৰ্মচাৰী সকলৰ সৰ্বমুঠ ৭১২ জনক   প্ৰথমপালি ভেকচিন দিয়া হয়। সন্থাৰ সভাপতি অতুল লহকৰ, উপ-সভাপতি ৰবীন কৰ,  সহকাৰী সম্পাদক মনজিত চৌধুৰী, সমন্বয়ৰক্ষী ক্ৰমে ৰোমিঅ' শেঠ, জিতাম্ৰিতা বৰা, প্ৰিয়ম ঘোষে ভেকচিন প্রদান কাৰ্যসূচীৰ সফল ৰূপায়ণত অভূতপূৰ্ব সহযোগিতা আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here