১৮ জুনত সমগ্ৰ দেশত ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বানমৰ্মে 'ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 June 2021

১৮ জুনত সমগ্ৰ দেশত ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বানমৰ্মে 'ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস

 


'

চিকিৎসা কর্মী তথা চিকিৎসা বৃত্তিৰ ওপৰত প্ৰহসন বন্ধ কৰাৰ দাবী





W7s, News, ষ্টাফৰিপোৰ্টাৰ: ভাৰতীয় চিকিৎসক সন্থাই চৰকাৰক চিকিৎসক সকলৰ মানসিক তথা শাৰীৰিক যন্ত্ৰণাক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে। এই সম্পৰ্কে এক বিবৃতিযোগে ভাৰতীয় চিকিৎসক সন্থা, অসম ৰাজ্যিক শাখাৰ অধ্যক্ষ ডাঃ সত্যজিৎ বৰা আৰু অবৈতনিক সম্পাদক ডাঃ শিখা শৰ্মাই কয় ' আমি আই পি চি আৰু চি আৰ পি চি ৰ অধীনত চেণ্ট্ৰেল হাস্পতাল এণ্ড হেলথ কেয়াৰ প্ৰফেচনেল  প্ৰ'টেকচন এক্ট বলবত কৰা, প্ৰতিখন চিকিৎসালয়ৰ মানদণ্ডৰ উন্নীতকৰণ তথা সুৰক্ষা ব্যৱস্থাৰ অধীক উন্নতি কৰা, প্ৰতিখন চিকিৎসালয়ক সুৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা, দোষীক কঠোৰ আইনৰ অধীনত ফাষ্ট ট্ৰেক আদালতত শাস্তিৰ বিধান কৰাৰ দাবী জনালোঁ। তদুপৰি ১৮ জুনত সমগ্ৰ দেশত ভাৰতীয় চিকিৎসা সন্থাৰ আহ্বানমৰ্মে চিকিৎসা কর্মী তথা চিকিৎসা বৃত্তিৰ ওপৰত প্ৰহসন বন্ধ কৰাৰ দাবীত 'ৰাষ্ট্ৰীয় প্ৰতিবাদ দিৱস' হিচাপে পালন কৰা হ'ব। এই প্ৰতিবাদৰ মূল শ্লোগান হ'ব ত্ৰাণকর্তাক ৰক্ষা কৰক'। এই প্ৰতিবাদত চৰকাৰী বেচৰকাৰী সকলো চিকিৎসক তথা চিকিৎসা প্ৰতিষ্ঠানে শান্তিপূৰ্ণভাৱে ক'লা বেজ, মাস্ক আদি পৰিধান কৰি তথা বেনাৰ, পোষ্টাৰ আদি প্রদর্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here