দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 June 2021

দেশ কঁপোৱা অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ

 


আজিলৈকে ন্যায়ৰ অপেক্ষাত পৰিয়াল


W7s, News


ষ্টাফৰিপোৰ্টাৰ :  দেশকঁপোৱা অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ হ'ল।২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত মানৱ জাতিক লজ্জানত কৰা এই ঘৃণনীয় ঘটনা সংঘটিত হৈছিল। এক বিবৃতিযোগে



 কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুজনকৈ সুঠাম যুৱকক এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল। যদিও ৮ জুনত এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল,কিন্তু তিথি অনুসৰি পৰিয়ালৰ লোকে ৪ জুনতে মৃত্যু বাৰ্ষিকী পালন কৰে।উল্লেখযোগ্য যে,যদিও অভি–নীল হত্যাকাণ্ডৰ ৩ বছৰ সম্পূৰ্ণ হ'ল কিন্তু আজিলৈকে ন্যায় নাপালে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পৰিয়ালে।

অভিজিৎ নাথৰ পিতৃয়ে ‘আজি সংবাদ মাধ্যমৰ আগত কয় যে,"ন্যায়িক প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছে বুলি আমি অনুভৱ কৰিছো।৩ বছৰত সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল।আমি লাহে লাহে হতাশ হৈছো।


এই ঘটনাৰ সমাধানসূত্ৰ নোলালে এনেধৰণৰ ঘটনা ঘটিয়ে থাকিব।এইবাৰ আমাৰ নতুন চৰকাৰ আহিছে। নতুন মুখ্যমন্ত্ৰীক আমি এই বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছো।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here