বহি: ৰাজ্যত কৰ্মৰত টেক্সটাইল ছাত্ৰৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 30 June 2021

বহি: ৰাজ্যত কৰ্মৰত টেক্সটাইল ছাত্ৰৰ সভা

 



W7s News ষ্টাফৰিপোৰ্টাৰ: দেশ বিদেশৰ বিভিন্ন স্থানত কৰ্মৰত অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলৰ এক "কথা বাৰ্ত্তা অনুষ্ঠান" মঙলবাৰে সন্ধিয়া ৭-৩০  বজাৰ পৰা গুগল মীটৰ মাধ্যমত অনুষ্ঠিত হয় l সভাত দীনূল ইছলাম (ভিয়েটনাম), ধীৰেন ঠাকুৰীয়া (আফ্ৰিকা), দিলীপ কুমাৰ নাথ (দাদৰা আৰু নগৰ হাভেলি), মনোজ ডেকা (ৰাজকোট,গুজৰাট), সুনীল নাথ (আহমেদাবাদ),

অনিল কুমাৰ ডুবে (মধ্য প্ৰদেশ ), তপন গগৈ (গুজৰাট ), ময়ূক্ষী দেবী (চণ্ডীগড়), মিৰাজ শ্বেখ (কলকাতা), নবিনুৰ ইছলাম (দিল্লী), তৃষ্ণা দাস  (আহমেদাবাদ),দিগন্ত ডেকা (হাৰিয়ানা) আদি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে ভাগ লৈ অসম টেক্সটাইল ইনষ্টিটিউটত পঢ়া দিনৰ স্মৃতি ৰোমন্থনৰ লগতে শিক্ষানুষ্ঠানত আহৰণ কৰা শিক্ষাই চাকৰি জীবনত কৰা সহায় আৰু সফলতাৰ কথা ব্যক্ত কৰে। তেওঁলোকে বহিঃৰাজ্য আৰু ৰাষ্ট্ৰত টেক্সটাইল খণ্ডত থকা নিয়োগৰ সুবিধাৰ কথা উল্লেখ কৰি কয়  'এই ক্ষেত্ৰত আমাৰ নিবনুৱা  শিক্ষাৰ্থী সকল আগবঢ়ি আহিব লাগে। অসম টেক্সটাইল ইনষ্টিটিউটৰ অবসৰপ্ৰাপ্ত অধ্যাপক অপূৰ্ব কুমাৰ দেৱচৌধুৰীয়ে মুকলি কৰা কথা-বাৰ্ত্তা অনুষ্ঠানত অসমৰ চৰকাৰী বিভিন্ন প্ৰতিস্থানত কাৰ্য্যনিৰ্বাহ  কৰা সৰ্বশ্ৰী অনুপ কুমাৰ বৰ্মণ (কেন্দ্ৰীয় ৰেচম বোৰ্ড ), সৰ্বেস্বৰ দাস (ভাৰত চৰকাৰৰ  বোৱনী সেৱা কেন্দ্ৰ), গিৰেণ সৰকাৰ (অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগ), চিত্ত ৰঞ্জন কলিতা (গুৱাহাটী শোধনাগাৰ ), প্ৰতিম শইকীয়া, যামিনী বৰগোহাঁই আৰু মুকুল চন্দ্ৰ ডেকাই বহিঃৰাজ্যত কৰ্মৰত সকলৰ সৈতে বিভিন্ন কথাৰে মত বিনিময় কৰে। গজেন্দ্ৰ নাথ দাসৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়ায় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সম্পাদক ড০ জয়ন্ত দেব শৰ্মাই l সভাৰ সভাপতি প্ৰশান্ত কুমাৰ ভূঞাই ভাষণত কয় 'বহিঃৰাজ্য আৰু ৰাষ্ট্ৰত সন্মান জনক স্থিতিত সেৱা আগবঢ়াই থকা এই সকল এলুমিনি অসম টেক্সটাইল ইনষ্টিটিউট তথা ৰাজ্য খনৰ  এক গৌৰব l ইনষ্টিটিউটৰ শতবৰ্ষ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা এই অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই যুটীয়া সম্পাদক  গোপী কান্ত ঠাকুৰীয়াই I

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here