#covid#death#gurgram
W7S,NEWS, নিউজ ডেস্ক :
অক্সিজেনৰ অভাৱত মৃত্যু হৈছে ৮ গৰাকীকৈ ৰোগীৰ। ঘটনাস্থলীৰ পৰা পলায়ন কৰে চিকিৎসক,নাৰ্ছে।
দিল্লীৰ গুৰগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা এক দুখজনক খবৰ পোহৰলৈ আহিছে। অক্সিজেনৰ অভাৱত মৃত্যু হয় ৮ জন ক'ভিড ৰোগীৰ। এই ঘটনা গুৰুগ্ৰামৰ ৫৬ চেক্টৰৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,চিকিৎসালয়খনত ৩০ এপ্ৰিলৰ নিশা অক্সিজেন শেষ হয় যাৰ ফলত ৮ জনৰ মৃত্যু হয়। ইয়াৰ পিছতে হস্পাতালক চিকিৎসক, নাৰ্চ আৰু অন্য কৰ্মী সকল ঘটনা স্থলীৰ পৰা পলায়ন কৰে।
উল্লেখ্য , এই ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছটো প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াক লৈ ক্ষোভিত হৈ পৰিছে মৃত ব্যক্তিসকলৰ পৰিয়ালবৰ্গ তথা আত্মীয়।
No comments:
Post a Comment