গুৱাহাটী প্ৰেছ ক্লাবত অব্যাহত সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ, সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিব লাগিব সাংবাদিক-সংবাদকৰ্মীৰ তালিকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 5 May 2021

গুৱাহাটী প্ৰেছ ক্লাবত অব্যাহত সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ, সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিব লাগিব সাংবাদিক-সংবাদকৰ্মীৰ তালিকা

 



W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ, ০৫ মে' : বুধবাৰৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছে কোভিড-১৯ৰ ভেকচিনৰ। এই শিৱৰ বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই শিবিৰৰ বাবে

সেয়ে *সকলো সংবাদ প্ৰতিষ্ঠানক নিজৰ নিজৰ সাংবাদিক তথা প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলৰ তালিকা প্ৰেছ ক্লাবত জমা দিবলৈ অনুৰোধ জনোৱা হল। নিম্নলিখিত পইণ্টসমূহত সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ জনোৱা হল।*


*১. বৃহস্পতিবাৰৰ দিনৰ ১২ বজাৰ ভিতৰত প্ৰেছ ক্লাবত জমা দিব লাগিব তালিকা।* 


*২. জমা দিয়া তালিকাত মুখ্য সম্পাদক/ মানৱ সম্পদ বিষয়াৰ চহী থকাটো বাধ্যতামূলক। অন্যথা সেই তালিকা গ্ৰহণ কৰা নহ'ব।*


*৩. কোনো সাংবাদিকে ব্যক্তিগতভাবে নিজৰ নাম প্ৰেছ ক্লাবত পঞ্জীয়ন কৰিব নোৱাৰিব।*


*৪. সংবাদ প্ৰতিষ্ঠানে জমা দিয়া তালিকা পৰা পৰ্যায়ক্ৰমে প্ৰদান কৰা হব কোভিড-১৯ৰ ভেকচিন।*


*৫. সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক- সংবাদকৰ্মীক প্ৰথমে প্ৰদান কৰা হব ভেকচিন। তাৰ পৰৱৰ্তী পৰ্যায়তহে পৰিয়ালক দিয়া হব ভেকচিন।*


*৬. শুকুৰবাৰৰ পৰাহে সংবাদ প্ৰতিষ্ঠানে দিয়া তালিকাৰ লোকক প্ৰদান কৰা হব ভেকচিন।*


*৭ তালিকাত সাংবাদিক/সংবাদকৰ্মী/ কৰ্মচাৰীৰ নাম, বয়স, লিংগ, পদবী আৰু ফোন নম্বৰ থাকিব লাগিব।*


*৮. ভেকচিন লোৱাৰ পূৰ্বে Co-Win অথবা আৰোগ্য সেতু এপত নাম পঞ্জীয়ন থকাটো বাঞ্চনীয়।*


*৯. সকলোকে কোভিড-১৯ৰ নীতি- নিৰ্দেশনা পালন কৰিব লাগিব।*


১০. সংবাদ প্ৰতিষ্ঠানৰ কোনোৱে যদি এই শিবিৰত স্বেচ্ছাসেৱী হিচাপে সেৱা আগবঢ়াব বিচাৰে তেনেহলে প্ৰেছ ক্লাবৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে

গুৱাহাটী প্ৰেছক্লাবৰ সভাপতি

মনোজ কুমাৰ নাথ আৰু      সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here