ক'ভিড ভেকচিনৰ নামত কলা বজাৰ বন্ধ কৰাৰ দাবী -আছাম ড্ৰাগছ ডীলাৰ্চ এছ'চিয়েছনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 May 2021

ক'ভিড ভেকচিনৰ নামত কলা বজাৰ বন্ধ কৰাৰ দাবী -আছাম ড্ৰাগছ ডীলাৰ্চ এছ'চিয়েছনৰ

 


ক'ভিড ভেকচিন দিয়াৰ নামত

কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েচন অফ অসমৰ লুন্ঠন



মুখ্যমন্ত্ৰী

ড০ হিমন্ত বিশ্ব শৰ্মাক এই ট্রেড ইউনিয়নটোৰ বিৰুদ্ধে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান



'

W7s, News ষ্টাফৰিপোৰ্টাৰ': ক'ভিড ভেকচিনৰ নামত কলা বজাৰ বন্ধ কৰিব লাগে-এই দাবী আছাম ড্ৰাগছ ডীলাৰ্চ এছ'চিয়েছনৰ। মঙলবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত কাৰ্য্যলয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে এছ'চিয়েছনৰ সাধাৰণ সম্পাদক বিক্ৰমানন্দ চৌধুৰীয়ে কয় ' প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে আমাক বিনামূলীয়াকৈ চৰকাৰে দিব বিচৰা ভেকচিনক লৈ এতিয়া কলা বজাৰ আৰম্ভ হৈছে। কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েচন অফ অসম নামৰ ট্রেড ইউনিয়নটোৱে যোৱা কিছুদিন ধৰি স্বাস্থ্য বিভাগৰ সহযোগত পানবজাৰৰ সনাতন ধৰ্মসভা(হৰিসভা) ত

ক'ভিড ভেকছিন দিয়াৰ ব্যবস্থা কৰিছিল। কিন্তু তেওঁলোকে বে-আইনী ভাৱে আমাৰ মেডিচিন ডিলাৰ সদস্যৰ পৰা পইচা সংগ্ৰহ কৰে। সমগ্ৰ তথ্যসহকাৰে ইতিমধ্যে আৰক্ষী আমি পানবজাৰ আৰক্ষী থানাত সোমবাৰে গোচৰ ৰুজু কৰিছোঁ। ট্রেড ইউনিয়নৰ নাম লৈ তেওঁলোকে চৰকাৰক বদনাম কৰিব বিচাৰিছে। তেওঁলোকে ক'ভিড ভেকচিন দিয়াৰ নামত তেওঁলোকৰ ইউনিয়নৰ সদস্যপদ লোৱাটো বাধ্যতামূলক কৰিছিল লগতে এহেজাৰ টকা পঞ্জীয়ন মাছুল দাবী কৰিছিল। তেওঁলোকৰ সভাপতি নটৱৰীলাল আগৰৱাল, সাধাৰণ সম্পাদক জিতু বৰ্মণ, কোষাধ্যক্ষ দীপক আগৰৱালে ২০ মে' ৰ পৰা আৰম্ভ কৰা টিকাকৰণ অভিযানৰ  লুন্ঠনৰাজ সম্পৰ্কে আমি অৱগত হওঁ।তেওঁলোকে ২২ মে'ত আমাৰ সদস্য ৰাজু পাটৰ,দেবু ছেত্ৰী, 

সুশীল সুৰানাই আমাক অভিযোগ দাখিল কৰে। এই টিকাকৰণ অভিযান কামৰূপ (ম) কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'ছিয়েচনৰ সহযোগত অনুষ্ঠিত হৈছিল আৰু তেওঁলোকৰ সদস্যপদৰ বাবে এহেজাৰ টকা মাচুল লৈ প্ৰ-পত্ৰ পূৰণ কৰিব দিছিল। তেওঁলোকে এহেজাৰ টকা মাচুল নিদিয়া সদস্য সকলক ভেকচিন দিয়া নহ'ব বুলি কৈছিল। ইতিমধ্যে আমাৰ সদস্য ৰাজু পাটৰৰ পৰা তেওঁলোকে এহেজাৰ টকা মাচুল আদায় কৰে। 

এই অভিযোগৰ  ভিত্তিত আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি স্বাস্থ্য সঞ্চালকালয়ক এই বিষয়ে আমি অৱগত কৰো। স্বাস্থ্য সঞ্চালকালয়ে এই টিকাকৰণ সম্পূৰ্ণ বিনামূলীয়া বুলি আমাক জনায় লগতে আমাক নিজাববীয়াকৈ আছাম ড্ৰাগছ ডীলাৰ্চ এছ'চিয়েছনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। তাৰ ভিত্তিত আমি তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ বিচাৰি গোচৰ ৰুজু কৰিছোঁ। সমগ্ৰ পৃথিৱী ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজি থকা সময়ত বিশেষকৈ আমাৰ দেশত ক'ভিড পৰিস্থিতি জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত এনে ট্ৰেড ইউনিয়নে ভেকচিনৰ নামত কলা বজাৰ আৰম্ভ কৰা কাৰ্য গৰিহণাৰ যোগ্য। তেওঁকোকে কঠোৰ শাস্তি পোৱা উচিত। আমাৰ প্ৰায় দুই সহস্ৰাধিক সদস্য আছে। এই ট্রেডইউনিয়নটোৰ কু-কৃতি সম্পৰ্কে ৰাইজ অৱগত হোৱা উচিত। আমাক স্বাস্থ্য সঞ্চালকালয়ে আনকোনো স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ দ্বাৰা পুনৰ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ট্রেড ইউনিয়নটোৰ বিৰুদ্ধে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here