বিনা মাস্ক, হেণ্ড গ্লাভছ, বুট, ইউনিফৰ্ম অবিহনে কামত নামিছে জি এম চিৰ চাফাই কৰ্মচাৰী
গুৱাহাটী মহানগৰীত ক'ভিড-১৯ ৰ জটিল পৰিস্থিতিৰ মাজত জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে
জি এম চিৰ চাফাই কৰ্মচাৰী সকলে
গুৱাহাটী পৌৰ নিগমৰ অধীনৰ অন্তৰ্গত নল-নৰ্দমাৰ জাৱৰ নিষ্কাষণৰ কাম চলি তীব্ৰগতিত
W7s News ষ্টাফৰিপোৰ্টাৰ
: বাৰিষা সমাগত। বাৰিষাৰ পূৰ্বে গুৱাহাটী মহানগৰবাসীত আৰম্ভ হয় নলা-নৰ্দমাৰ জাৱৰ-জোথৰ নিষ্কাষণৰ কাম। বছৰ বছৰ ধৰি
কৃত্ৰিমবানৰ সমস্যাত কক বকাই থকা মহানগৰবাসীক কিছু সকাহ দিবলৈ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই লৈছে
নলা-নৰ্দমাৰ জাৱৰ-জোথৰ নিষ্কাষণৰ কাম। সেই অনুসৰি গুৱাহাটী পৌৰ নিগমে ইয়াৰ অন্তৰ্গত নলা-নৰ্দমাৰ জাৱৰ নিষ্কাষণৰ কাম চলিত বছৰৰ ৫ মে' ৰ পৰা আৰম্ভ কৰিছে। লগতে গুৱাহাটী মহানগৰীখন পৰিস্কাৰ পৰিচ্ছন্ন লগতে বানমুক্ত কৰাৰ লক্ষ্যৰে ২০ মে' ৰ পৰা এই জাৱৰ নিষ্কাষণৰ কাম তিনিটা পৰ্যায়ত কৰি থকা হৈছে।
আমবাৰী লেম্বৰোড সংযোগী পথ আৰু উলুবাৰী অঞ্চলত জাৱৰ নিষ্কাষণৰ আদিৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে। মনকৰিবলগীয়া যে গুৱাহাটী মহানগৰীত ক'ভিডৰ-১৯ ৰ জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মচাৰী সকলে কোনো ধৰণৰ মাস্ক, হেণ্ড গ্লাভছ, বুট, ইউনিফৰ্ম পৰিধান নকৰাকৈ নলা নিষ্কাষণৰ কামত নামিছে।পুতি গন্ধময় পৰিবেশৰ মাজত চাফাই কৰ্মচাৰী সকলে নলা-নৰ্দমা নিষ্কাষণৰ কামত ব্ৰতী হৈ আছে।তেওঁলোকে নিজৰ লগতে আন দহ জনৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে। যি সময়ত ৰাজ্যত ক'ভিড পৰিস্থিতি জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দিনৰ ১২ বজাত গুৱাহাটী মহানগৰীত আৰু গ্রামঞ্চলত দিনৰ ২ বজাতে সান্ধ্য আইন দিব লগীয়া হৈছে সেই সময়ত এই সকল কৰ্মচাৰীৰ নিজৰ জীৱনৰ প্ৰতি আহিব লগীয়া ভাবুকিৰ প্ৰতি নিগম কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই সম্পৰ্কে হৰিজন মজদূৰ ইউনিয়নৰ সাধাৰণ সম্পদক দীননাথ বছফৰে কয় ' গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ পৰা পৰ্যাপ্ত পৰিমাণৰ মাস্ক, হেণ্ড গ্লাভছ, বুট, ইউনিফৰ্ম চাফাই কৰ্মচাৰী সকলক যোগান ধৰা নহয়। এখন মাস্ক আৰু এযোৰ হেণ্ড গ্লাভছেৰে দুদিন কাম কৰা সম্ভৱ নহয়। সেইদৰে ইউনিফৰ্ম, বুট আদি পৰ্যাপ্ত পৰিমাণে দিয়া নহয়। যাৰফলত চাফাই কৰ্মচাৰী সকলে এই ক'ভিডৰ জটিল পৰিস্থিতিৰ সময়ত এনেদৰে নিজৰ দায়িত্ব পালন কৰিব লগীয়া হৈছে। গুৱাহাটী পৌৰ নিগমত প্ৰায় ৮০০ স্থায়ী আৰু প্ৰায় ৬০০ ঠিকা ভিত্তিত চাফাই কৰ্মচাৰী আছে। তেওঁলোক আজিও প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত। গতিকে আমি নিগমৰ নতুন আয়ুক্তক এই সকল কৰ্মচাৰীৰ জীৱনৰ কথা চিন্তা কৰি প্ৰয়োজনীয় সা-সুবিধা খিনি দিবলৈ দাবী জনালোঁ।
No comments:
Post a Comment