পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কৰুণাকান্ত বৰ্মনৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 May 2021

পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কৰুণাকান্ত বৰ্মনৰ মৃত্যু

 '



W7s, News ষ্টাফৰিপোৰ্টাৰ : 

পিতাইৰ কামিহাড়' ৰ অন্যতম প্ৰণেতা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, কাব্য প্ৰবৰ কৰুণাকান্ত বৰ্মনৰ শনিবাৰে পুৱা ১০-৪৫ বজাত মৃত্যু হয়। ক'ভিডত আক্ৰান্ত হৈ থকা কবি কৰুণাকান্ত বৰ্মনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ বিগত প্ৰায় ১০ দিন ধৰি ক'ভিডত আক্ৰান্ত হৈ আছিল। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলি বেলতলা সংযোগী পথ নিবাসী কবি কৰুণাকান্ত বৰ্মনৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৭০ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ, এজনী কন্যা, আত্মীয় স্বজনক এৰি যায়। তেওঁ 

কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক , অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আছিল। লগতে ভেটপাৰা সাহিত্য সভাৰ সক্ৰিয় কর্মী আছিল।

 কাব্য- সাহিত্যজগতৰ সু-সংগঠক, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কৰুণাকান্ত বৰ্মনৰ মৃত্যুত সাহিত্য জগতত এক গভীৰ শোকৰ ছা পৰিছে। তেওঁৰ মৃত্যুত অসম কবি সন্মিলনে গভীৰ শোক প্রকাশ কৰিছে। অসম কবি সন্মিলনৰ প্ৰতিখন জিলা সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী  আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোক সন্তপ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তদুপৰি প্ৰতিখন জিলা সমিতিয়ে অসম কবি সন্মিলনৰ পতাকা আজিৰ পৰা তিনিদিনলৈ অৰ্ধনমিত কৰি ৰাখিবলৈ অসম কবি সন্মিলনৰ সভাপতিৰ নিৰ্দেশ মৰ্মে প্ৰধান সম্পাদক নীল কমল বৰা আৰু যুটীয়া সম্পাদক ৰুমা ভট্টাচাৰ্যই আহ্বান জনাইছে। তদুপৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অহা সাত দিন কেৱল শোকবার্তা তথা শোক কবিতা ৰচনা কৰি কেন্দ্ৰীয় সমিতিৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। এই পৰিপ্ৰেক্ষিতত অসম কবি সন্মিলনৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছে।


এক শোক বার্তাত

কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সহকাৰী সম্পাদক অংকুৰ ৰায়মেধিয়ে কয়' বিশিষ্ট কবি কৰুণাকান্ত বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ লগতে শোক সন্তপ্ত প্ৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ মৃত্যুত হাটীগাঁওৰ নবাৰুণ শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে।

এক শোক-বাৰ্তাত ৰ "বহুবাক" (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- আমি এজন কৰ্মদক্ষ সাহিত্যকৰ্মীক হেৰুৱাবলগীয়া হ'ল। সততে কাব্য-সাহিত্য জগতত নিৰলসভাৱে কাম কৰা মানুহ বিৰল। তাৰ পৰিবৰ্তে বৰ্মনে বৰ নিষ্ঠাৰে কাম কৰিছিল।" কবি-সাহিত্যিক কৰুণাকান্ত বৰ্মনৰ বিয়োগত   বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা,গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, গুৱাহাটী মহানগৰ কবি কাননৰ  সভাপতি কমলজিৎ কলিতা, পৰাগজ্যোতি প্ৰকাশন, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট আদি দল-সংগঠনৰ পৰা গভীৰ শোক প্ৰকাশৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।' আনহাতে

এক শোক বার্তাত 

অসম সাহিত্য সভাৰ মুখপাত্র

ড০ সঞ্জীব কুমাৰ শৰ্মাই কয় '

কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,অসমৰ প্ৰগতিশীল কবি সকলৰ অন্যতম কৰুণাকান্ত বৰ্মনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছোঁ। "পিতাইৰ কামিহাড়" শীৰ্ষক কবিতা পুথিৰে জনপ্রিয় ,এগৰাকী সক্ৰিয় সাহিত্য সংগঠক কৰুণাকান্ত বৰ্মনৰ পুণ্য আত্মাৰ সদ্গতি  কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ  আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here