যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটী মহানগৰীত চেনীটাইজেচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 May 2021

যুৱ পৰিষদৰ উদ্যোগত গুৱাহাটী মহানগৰীত চেনীটাইজেচন

 



                                                                                                           W7s, News ষ্টাফৰিপোৰ্টাৰ :  অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ আমবাৰী, ফাঁচীবজাৰ, উজান বজাৰ, চানমাৰী, গণেশগুৰি, আদাবাৰী, বেলতলা আদি বিভিন্ন স্থানত কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চেনীটাইজেচন কাৰ্য্যসূচীৰ আৰম্ভ কৰে। দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যলয়ত যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সাধাৰণ সম্পাদক পল কাশ্যপ, হৃষিকেশ শৰ্মা, সুশান্ত দেৱ চৌধুৰী, জাহিৰ চৌধুৰী, সঞ্জয় অসমীয়াৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া, সদস্যৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি দিপাঙ্কৰ দাসসহ বিষয়ববীয়া আৰু সদস্য উপস্থিতিত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে। কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম যুৱ পৰিষদে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যখনতে বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী আৰু চেনীটাইজেচনৰ কাৰ্য্যসূচী হাতত লৈছে। এক প্ৰেছ বিবৃতিত পৰিষদৰ সভাপতি জিতু বৰগোহাঁয়ে যুৱ পৰিষদৰ সকলো বিষয়ববীয়া আৰু সদস্যকে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰ তথা প্ৰশাসনৰ  লগত সহযোগিতা কৰি আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here