অগপৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাৰ্থত ঐক্যবদ্ধ ভাবে আত্মনিয়োগ কৰাৰ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 May 2021

অগপৰ মুখ্য কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ স্বাৰ্থত ঐক্যবদ্ধ ভাবে আত্মনিয়োগ কৰাৰ আহ্বান

 





W7s, News নিউজ ডেস্ক:   চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সোমবাৰে উপস্থিত হৈ দলটোৰ বিষয়ববীয়া আৰু সদস্যসকলৰে মতবিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।অসম বিধান সভাৰ পৰা পোনে পোনে অসম গণ পৰিষদৰ কাৰ্য্যালয়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক দলটোৰ নেতৃত্বৰ লগতে বিভিন্ন স্তৰৰ বিষয়ববীয়া আৰু সদস্যসকলে বিপুল বাৱে আদৰণি জনায়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপিত তথা মন্ত্ৰী কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, নুৰুল হুছেইন, হিৰণ্য কুমাৰ কোৱঁৰ, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, পোণাকন বৰুৱা, বিধায়কসকল উপস্থিত থাকে। সভাপতি অতুল বৰাই মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে মিত্ৰতাৰ ৰাজনীতিৰ বিশ্বাসযোগ্যতাক অধিক দৃঢ় কৰিলে বুলি মতপোষণ কৰে। বৰাই কয় যে, দলে মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ স্বাৰ্থত সকলোধৰণৰ সহায়ৰ অংগীকাৰ প্ৰকাশ কৰে। কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বিশ বছৰৰ পিছত এগৰাকী মুখ্যমন্ত্ৰীয়ে দলৰ কাৰ্য্যালয়ত উপস্থিত হোৱা কাৰ্য্যই জাতীয় জীৱনৰ বাবে অৰ্থৱহ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐক্যবদ্ধ ভাৱে ৰাজ্যখনৰ স্বাৰ্থত আত্মনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে। দলীয় দৃষ্টিকোন সুকীয়া হলেও অসমৰ স্বাৰ্থত আমি ঐক্যবদ্ধ বুলি মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়মত পোষণ কৰে। মূখ্যমন্ত্ৰীৰ লগত সাংসদ পল্লৱলোচন দাস, ৰাজনৈতিক সচিব জয়ন্তমলল বৰুৱা উপস্থিত থাকে ।অনুষ্ঠানত আদৰণি ভাষণ দিয়ে সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু আঁত ধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here