১০৮ সেৱাত কৰ্মৰত সকলো ই এম টি, পাইলত আৰু আৰ অ' ৰ ৰাজ্যজুৰি কলা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 14 May 2021

১০৮ সেৱাত কৰ্মৰত সকলো ই এম টি, পাইলত আৰু আৰ অ' ৰ ৰাজ্যজুৰি কলা দিৱস পালন

 




W7s News,ষ্টাফৰিপোৰ্টাৰ : ১০৮ সেৱা পৰিচালনাৰ দায়িত্বত থকা জি ভি কে ই এম আৰ আই আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসম কৰ্তৃপক্ষৰ অমানৱীয়তাৰ প্ৰতিবাদত শুকুৰবাৰে ১০৮ সেৱাত কৰ্মৰত সকলো ই এম টি, পাইলত আৰু আৰ অ' য়ে ৰাজ্যজুৰি কলা দিৱস পালন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম ১০৮ মৃত্যুঞ্জয় এমপ্লয়িজ এচ'ছিয়েচনৰ সভাপতি প্ৰাঞ্জল জ্যোতি শইকীয়াই কয়  'আমি অসমবাসী ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্যৰাখি আৰু  অসম চৰকাৰৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আন কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত থাকি কলা দিৱস পালনৰ জৰিয়তে আমাক কৰি থকা অন্যায়ৰ বিষয়ে সমূহ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তত্বাৱধানত অসমত ১০৮ সেৱা পৰিচালনাৰ দায়িত্বত থকা জি ভি কে ই এম আৰ আই নামৰ প্ৰতিষ্ঠানে আমাক ২০১৮ চনৰ পৰা আজি পৰ্যন্ত আমাক সময় মতে দৰমহা দিয়া  নাই। আমাক প্ৰতি মাহে ১২ ৰ পৰা ২২ তাৰিখৰ ভিতৰত দৰমহা দি আহিছে।উৎসৱ পাৰ্বনৰ সময়ত আমাক সময়মতে দৰমহা দিয়া নহয়। সমগ্ৰ ৰাজ্যত ৩ হাজাৰ কৰ্মচাৰী আছে ইয়াৰে ২০০ জন ইমাৰজেন্সি ৰেচপন অফিচাৰ। আমি ক'ভিড পৰিস্থিতিৰ মাজতে সেৱা আগবঢ়াই আহিছোঁ। গতিকে আমাক সময়মতে দৰমহা দিবলৈ চৰকাৰৰ ওচৰত দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here