W7S, News,ষ্টাফৰিপোৰ্টাৰ: ৰাজ্য চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত আৰু সদৌ অসম তৃতীয় লিংগ এচ'ছীয়েচনৰ যুটীয়া উদ্যোগত শুকুৰবাৰে হাটীগাঁওৰ তৃতীয় নিবাসত ক'ভিড ভেকচিন প্ৰদান কৰা হয়। এই সম্পৰ্কে সদৌ অসম তৃতীয় লিংগ এচ'ছীয়েচনৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই কয় ' আমি প্ৰথম কামৰূপ (ম) ত ক'ভিড ভেকচিন দিয়া আৰম্ভ কৰিছোঁ। তাৰ পাছত আমি অসম ৰাজ্যত থকা তৃতীয় লিংগৰ সকলোকে সামৰি ল'ম । সমগ্ৰ গুৱাহাটীত প্ৰায় ২০০০ হাজাৰ আৰু সমগ্ৰ অসমত প্ৰায় ২০ হাজাৰ তৃতীয় লিংগৰ লোক আছে। তদুপৰি সমগ্ৰ দেশৰ ভিতৰত অসমে প্ৰথম এই পদক্ষেপ গ্ৰহণ কৰিছে।
No comments:
Post a Comment