এয়াই সংগ্রামঃ এসময়ত চাহৰ দোকানত বাচন ধােৱা লৰাটো আজি অসম বিধান সভাৰ অধ্যক্ষ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 May 2021

এয়াই সংগ্রামঃ এসময়ত চাহৰ দোকানত বাচন ধােৱা লৰাটো আজি অসম বিধান সভাৰ অধ্যক্ষ




W7s News নিউজ ডেস্ক : 

এসময়ত  চাহ দোকানত বাচন ধুইছিল। পিন্ধিবলৈ নাছিল ভাল কাপােৰ , নাছিল চেণ্ডেল । স্কুললৈ অহা - যােৱা কৰোঁতে সময় উলিয়াই বাটতে ধুইছিল হােটেলৰ বাচন । কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰা সেই লৰাজন আছিল বিশ্বজিত দৈমাৰী। তেওঁ

 অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদত অধিষ্ঠিত হল। সৰু কালত জ্যেষ্ঠ ভাতৃৰ চাহ দোকানত স্কুললৈ যােৱাৰ সময়ত বাচন ধুইছিল আজিৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । এটা দুখীয়া পৰিয়ালৰ পৰা ওলাই আহি আজিৰ অৱস্থাত উপনিত হােৱা বিশ্বজিৎ দৈমাৰীৰ জীৱন কাহিনীও প্ৰেৰণাৰ উৎস হ'ব পাৰে বহুতৰ বাবে । ১৯৮৮ চনত এবছুত যােগদান কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে । ২০০১ চনত তামুলপুৰৰ পৰা নিদর্লীয় বিধায়ক আৰু বি পি এফৰ পৰা দুবাৰকৈ সাংসদ হৈছে দৈমাৰী । ২০২০ৰ ২২ নৱেম্বৰত তেওঁ বি পি এফ এৰি বিজেপিত যােগদান কৰে আৰু তৃতীয় বাৰৰ বাবে ৰাজ্য সভাৰ সাংসদ হয় ৷ এইবাৰ ২০২১ত পানেৰী  বিধান সভা সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হৈ অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষদৰে আসন অলংকৃত কৰে । সঁচাকৈ বিশ্বজিৎ দৈমাৰীৰ জীৱন গাঁথাৰ পৰা বহুজনে অনুপ্ৰেৰিত হোৱাৰ থল আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here