বিজেপি অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যজুৰি 'সেৱাই সংগঠন' কাৰ্যসূচ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 30 May 2021

বিজেপি অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যজুৰি 'সেৱাই সংগঠন' কাৰ্যসূচ

 






W7s , News ষ্টাফৰিপোৰ্টাৰ :  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেওবাৰে দ্বিতীয় বর্ষ তথা সাত বছৰীয়া কাৰ্যকাল সফলভাবে সম্পূৰ্ণ কৰিলে। বিজেপিয়ে সফলতাৰে ৭ বছৰ পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত দেওবাৰে সমগ্ৰ দেশ তথা ৰাজ্যিক বিজেপিৰ নেতৃত্বত সমগ্ৰ ৰাজ্যত 'সেৱাই সংগঠন' কাৰ্যসূচী গ্ৰহন কৰা হয়। এই বিশেষ দিনটোত বি জেপি অসম প্ৰদেশৰ উদ্যোগত তথা ৰাজ্যিক বিজেপিৰ মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক আৰু জিলা বিষয়ববীয়া, মর্চাসমূহৰ লগতে বুথ আৰু মণ্ডল পৰ্যায়ৰ কাৰ্যকতাৰ সহযোগত সমগ্ৰ অসমৰ ১০ হাজাৰ গাঁও, ৱাৰ্ড, চাহ বাগান এলেকাত চেনিটাইজাৰ, মাস্ক, খাদ্য সামগ্রীৰ লগতে অন্যান্য সা-সামগ্রী বিতৰণ কৰা হয়। এই উপলক্ষে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত  কুমাৰ দাসে পাঠশালাৰ তপোবন আশ্ৰমত উপস্থিত হৈ বিশেষভাৱে সক্ষম শিশু সকলৰ লগত মত বিনিময় কৰাৰ লগতে খাদ্য সামগ্রী বিতৰণ কৰে। 'সেৱাই সংগঠন' কাৰ্যসূচীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই পাঞ্জাবাৰীৰ মা কামাখ্যা বৃদ্ধাশ্ৰম, বাঘৰবড়ীৰ শ্ৰীমন্ত পুৰত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে ক'ভিড সংকটৰ সময়ত সহায়ক হোৱাকৈ ৰাইজক চেনিটাইজাৰ, মাস্ক, ফলমুল আদি বিতৰণ কৰি সকলো ৰাইজক সজাগ আৰু সাৱধান হ'বলৈ আহ্বান জনায়। এই কাৰ্যসূচীত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে। আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লাহোৱালৰ হাতীমৰাত আৰু ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই মঙলদৈৰ কস্তুৰী শিশু গৃহ, চিপাঝাৰ চিকিৎসা মহাবিদ্যালয়, কমলপুৰ আৰু নলবাৰীৰ চতমাত মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্রী আদি বিতৰণ কৰে। একেদৰে ৰাজ্যিক বিজেপিৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকলেও নিজ নিজ সমষ্টিত আৰু ৪২ লাখ কাৰ্যকতাই নিজ নিজ বুথত ক'ভিড

প্ৰট'কল পালন কৰি বিভিন্ন সেৱামুলক কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে গুৱাহাটী মহানগৰ জিলাই ক'ভিড প্ৰটোক’লৰ নীতি নিয়ম অনুসৰন কৰি  মহানগৰীৰ বিভিন্ন স্হানত মাস্ক - চেনিটাইজাৰ বিতৰন কৰে।  মহানগৰীৰ পল্টনবজাৰ, চোলাপাৰা ,জি এছ ৰোডত প্ৰায় পাঁচ শতাধিক লোকৰ মাজত মাস্ক চেনিটাইজাৰ বিতৰন কৰে ৷

ইয়াৰ উপৰিও অতি দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰা হয় ৷ উল্লেখ্য, গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগন শৰনীয়া, ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়, গুৱাহাটী মহানগৰ জিলাৰ ব্যবসায় কোষৰ আহ্বায়ক ৰাজীব দাস আত্মনিৰ্ভৰশীল ভাৰত কোষৰ আহ্বায়ক দেবাশিস সেনহগুপ্তা উপস্থিত থাকি সহাযোগীতা আগবঢ়ায় ৷ সামগ্ৰী বিতৰন অনুষ্ঠাৰ পিছত  পল্টনবজাৰস্হিত বেংগলী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৫০

 জোপা গছ পুলি ৰোপন কৰা হয়। আনহাতে ভাৰতীয় জনতা পাৰ্টি , কিষাণ মৰ্চাৰ ১৫খন  জিলাৰ জিলা সমিতিৰ কার্যকর্তা সকলৰ লগতে ৰাজ্যিক কিষাণ মৰ্চাৰ বিষয় ববীয়া সকলে গুৱাহাটীৰ চহৰীয়া ব্লাড বেংকৰ সহযোগত এটা ৰক্ত দান শিবিৰৰ আয়োজন কৰে। উক্ত কাৰ্যসূচীত  কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপসভাপতি  প্ৰাণ কুমাৰ দাস,ৰাজ্যিক সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ কৌশিক ,ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰ , ৰাজ্যিক সম্পাদক অংকুৰ দত্ত, ৰাজ্যিক কাৰ্যনিৰ্বাহক হিৰক জ্যোতি বৰ্মন, তৃষ্ণা শৰ্মা, পূজা ভূঞা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here