W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ: চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ পূৱ গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ত সদৌ অসম সংবাদকর্মী সন্থাৰ উদ্যোগত ৭ এপ্ৰিলৰ পৰা সাংবাদিক-সংবাদকর্মীৰ বাবে ক'ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে। ক'ভিড ভেকচিন দিয়াৰ ব্যৱস্থাই ইতিমধ্যে এমাহ সম্পূৰ্ণ কৰিলে। এই সম্পৰ্কে চিকিৎসালয়খনৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ পৰাশী চৌধুৰীয়ে কয় ' চৰকাৰী বিধি অনুসৰি ৪৫ বছৰৰ ঊৰ্ধ্বৰ আৰু ২০২২ চনৰ পহিলা জানুৱাৰীত যি সকলৰ ৪৫ বছৰ হ'ব সেইসকলো সাংবাদিক, সংবাদকর্মীৰ লগতে তেওঁলোকৰ পৰিয়ালৰলোকে অগ্ৰাধিকাৰ ভিত্তিত চিকিৎসালয়খনত ক'ভিড ভেকচিন ল'ব পাৰিব।অৱশ্যে ক'ভিড ভেকচিন ল'বলৈ আগ্ৰহীসকলক বয়সৰ প্ৰমাণ হিচাপে পানকাৰ্ড অথবা আধাৰকাৰ্ড লগত লৈ আহিব লাগিব। লগতে নাম সমুহ পঞ্জীয়ন কৰিব লাগিব।
তদুপৰি ৫ মাৰ্চৰ পৰা আমি সাধাৰণ জনগণৰ বাবে
ক'ভিড ভেকচিন দিয়া আৰম্ভ কৰিছোঁ। আমাৰ পূৱ মণ্ডলৰ অধীনত ৮ খন হাস্পতাল আছে। পূৱ মণ্ডলৰ অধীনত ৪৫ বছৰৰ ঊৰ্ধৰ ৩৪১৬০ জন লোকক ভেকচিন দিয়া হৈছে।
এই ভেকচিনৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নোহোৱা বাবে জনগণে যথেষ্ট ইতিবাচক সঁহাৰি আগবাইছে।'
No comments:
Post a Comment