ক'ভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 4 May 2021

demo-image

ক'ভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা

Responsive Ads Here

 

#covid#assam#sop

IMG_20210417_005655



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ :  ক'ভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা। নতুন এই নিৰ্দেশনা ৫ মে’ৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হব সমগ্ৰ ৰাজ্যত। পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰালৈকে অসমত প্ৰযোজ্য হবলগীয়া এই নতুন নীতি-নিয়মবোৰ হৈছে।

মুকলি স্থান বা খেল পথাৰত অনুষ্ঠিত হব নোৱাৰিব কোনো জন সমাগম।

কোনো অনুষ্ঠান, বিবাহ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত ২০গৰাকীতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব।

ধৰ্মীয় স্থলী, মন্দিৰ-মছজিদত ৫গৰাকীতকৈ অধিক লোকৰ সমাগমত বাধা।

শেষকৃত্যত ২০গৰাকীতকৈ অধিক লোকৰ উপস্থিতিত বাধা।

সকলো দোকান/ ব্যৱসায়িক প্ৰতিষ্ঠান দিনৰ ২বজাত বন্ধ কৰিব লাগিব।

ৰেষ্টুৰেন্ট, ধাবা/হোটেলত ২বজালৈকে গ্ৰাহকে বহি খাব পাৰিব আৰু সন্ধিয়া ৬বজালৈকে কৰিব পাৰিব হোম ডেলিভাৰী।

সকলো জৰুৰীকালীন সেৱাৰ দোকান, ফাৰ্মাচী খোলা থাকিব।

চৰকাৰী-বেচৰকাৰী সকলো অফিচ বন্ধ হব লাগিব দিনৰ ২বজাত।

৫০শতাংশ কৰ্মচাৰীয়ে চলিব কাৰ্যালয়ৰ কাম-কাজ।

গৰ্ভৱতী মহিলা আৰু ৫বছৰতকৈ তলৰ সন্তানৰ মাতৃয়ে ঘৰৰ পৰাই সম্পাদন কৰিব লাগিব কাৰ্যালয়ৰ কাম-কাজ।

সকলো শিক্ষানুষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠানে ভাৰ্চুৱেলীভাৱে সম্পাদন কৰিব লাগিব কাম-কাজ।

সকলো যাত্ৰীবাহী, মালবাহী বাহনে মানি চলিব লাগিব কোভিড নীতি-নিয়ম।

অটো ৰিক্সা বা ৰিক্সা বা অন্যান্য সৰু বাহনত চালক আৰু দুগৰাকী যাত্ৰী উঠোৱাৰ লগতে সামাজিক দুৰত্ব মানি চলিব লাগিব।

চিটি বাছ, আন্তঃৰাজ্যিক বাছ, আন্তঃজিলা সকলো বাছে ৫০শতাংশ যাত্ৰীহে উঠাব পাৰিব।

সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

নৈশ সান্ধ্য আইন বুধবাৰৰ পৰা আৰম্ভ হব সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫বজালৈ।

এই সময়ত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক ৰেহাই প্ৰদান কৰা হব যদিও লগত থাকিব লাগিব পৰিচয় পত্ৰ।

সন্তান সম্ভৱা মহিলা আৰু ৰোগীক প্ৰদান কৰা হব ৰেহাই।

এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনৰ পৰা অহা যাত্ৰীক ৰেহাই প্ৰদান কৰা হব যদিও তেওঁলোকে দেখাব লাগিব টিকট।

ইলেক্টনিক আৰু প্ৰিন্ট মিডিয়াৰ লোকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *