অসমৰ সাংবাদিকক প্ৰথম শাৰীৰ সেনানি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 May 2021

অসমৰ সাংবাদিকক প্ৰথম শাৰীৰ সেনানি ঘোষণা

 



 গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ'ব ক'ভিড-১৯ৰ ভেকচিন



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ ' :  গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰতিকীৰূপে দিয়া হ'ব ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হ'ব এই ভেকচিনেচন কেম্প। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১০০ জন সাংবাদিকেহে  প্ৰাৰম্ভিক পৰ্য্যায়ত  ল'ব পাৰিব ভেকচিন।  বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক,ফটো সাংবাদিক,ভিডিঅ' জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হ'ব। সেয়েহে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰতিটো সংবাদ প্ৰতিষ্ঠানলৈ অনুৰোধ যে প্ৰতিটো সংবাদ মাধ্যমৰ মাত্ৰ দুজন সাংবাদিকক তেওঁলোকে নিৰ্বাচিত কৰি প্ৰাৰম্ভিক পৰ্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। ভেকচিনৰ বাবে নিৰ্বাচিত প্ৰতিজন সাংবাদিকে co-win ,আৰোগ্য সেতু এপত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পঞ্জীয়নৰ নাম্বাৰটো গুৱাহাটী প্ৰেছ ক্লাবৰ ৬০২৬৬৭২৮১৭ নাম্বাৰলৈ  প্ৰেৰণ কৰিব লাগিব।

লগতে প্ৰতিজন সাংবাদিকে পৰিচয় পত্ৰ,বয়সৰ প্ৰমাণ পত্ৰ  লৈ অহাটো বাধ্যতামূলক । এই কথা একবিবৃতিযোগে জানিবলৈ দিছে গুৱাহাটী প্ৰেছক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু 

সম্পাদক সঞ্জয় ৰায়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here