এবছৰধৰি বন্দী হৈ থকা দেবাঙ্গনা কলিতাৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 May 2021

এবছৰধৰি বন্দী হৈ থকা দেবাঙ্গনা কলিতাৰ মুক্তিৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ

 



W7s, News, ষ্টাফৰিপোৰ্টাৰ: 

ছাত্ৰ তথা মহিলা আন্দোলনকাৰী দেবাঙ্গনা কলিতা আৰু তেওঁৰ সতীৰ্থ নাতাশা নাৰোৱালক কা বিৰোধী আন্দোলন কৰাৰ বাবেই মনেসজা গোচৰত কাৰাবন্দী কৰি ৰখা এবছৰ হৈছে । বিগত বছৰৰ ২৩ মে'ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ প্ৰতিবাদ হিচাপে সোমবাৰে এছ এফ আই, ডি ৱাই এফ আই, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, চি আই টি ইউ-ৰ অসম ৰাজ্যিক কমিটি আৰু অসম ৰাজ্যিক কৃষক সভাই যৌথভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। ই-মেইল যোগে প্ৰেৰণ কৰা স্মাৰক পত্ৰত সংগঠন কেইটাই উল্লেখ কৰে যে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবে তেওঁলোকক আটক কৰি সন্ত্ৰাসবাদীৰ ওপৰত কাৰ্যকৰী হোৱা ইউ এ পি এ-ৰ অধীনত তেওঁলোকক এবছৰ ধৰি কাৰাবন্ধী কৰি ৰখা হৈছে। এইয়া সম্পূৰ্ণ আক্ৰোশমূলক, অমানৱীয় আৰু অগণতান্ত্ৰিক । আনকি নাতাশা নাৰোৱালে  ক'ভিড ৰোগত আক্ৰান্ত হৈ থকা পিতৃক জীৱিত অৱস্থাত কাৰাগাৰৰ পৰা আহি চাব নোৱাৰিলে আৰু শেষত মৃত্যুৰ পিছতহে তেওঁক আহিবলৈ দিয়া হ'ল । দেবাঙ্গনা কলিতা আৰু তেওঁৰ সতীৰ্থৰ কাৰাবন্দীত্বৰ এবছৰৰ এই ক্ষণত সংগঠন কেইটাই অতি শীঘ্ৰে তেওঁলোকৰ লগতে অখিল গগৈসহ সকলো কা বিৰোধী কাৰাবন্দীক মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে

এছ এফ আইৰ 

নিৰংকুশ নাথ, ডি ৱাই এফ আই নয়ন ভূঞা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নিয়তী বৰ্মন, 

চি আই টি ইউৰ

তপন শৰ্মা, অসম ৰাজ্যিক কৃষক সভাৰ হৈ টিকেন দাসে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here