অসম জাতীয় পৰিষদৰ ক'ভিড সঁহাৰি অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 23 May 2021

অসম জাতীয় পৰিষদৰ ক'ভিড সঁহাৰি অভিযান

 




W7s, News নিউজ ডেস্ক : অসম জাতীয় পৰিষদৰ ক'ভিড সঁহাৰি অভিযানৰ অংশ স্বৰূপে দেওবাৰে ডিব্ৰুগড় জিলাৰ বিয়িয়াটিং চাহ বাগিছা; বৰবৰুৱা আৰু বৰপথাৰ পঞ্চায়ত এলেকাৰ অন্তৰ্গত 'কন্টেইনমেন্ট জোন'সমূহত খাদ্যৰ টোপোলা বিতৰণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে৷ ডিব্ৰুগড় জিলাৰ জাতীয় সেৱকসকলে আক্ৰান্ত লোকসকলৰ ঘৰে ঘৰে গৈ খাদ্যৰ টোপোলা বিতৰণ কৰাৰ লগতে অন্য প্ৰয়োজনীয় সহযোগিতাও আগবঢ়ায়৷ ৰাজ্যৰ অন্যান্য অংশতো এইকেইদিন জাতীয় সেৱকসকলে এনেদৰে প্ৰয়োজনীয় সেৱা আগবঢ়াই আছে৷ এই কাৰ্যসূচীৰ জৰিয়তে অজাপৰ সভাপতি গৰাকীয়ে কয় 'মানুহৰ প্ৰযোজনত মানুহেই আগবাঢ়ি আহিব লাগিব৷ ভূপেনদাই গোৱা 'মানুহে মানুহৰ বাবে' গীতফাকিৰ সাৰ্থকতা এইখিনিতেই৷

আমাৰ জাতীয় সেৱকসকল আজি মানুহৰ বিপদৰ বন্ধু হৈ পৰিছে৷ আমাৰ বাবে ইয়াতকৈ উৎসাহবৰ্দ্ধক আৰু কি হ'ব পাৰে৷'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here