লুৰীণজ্যোতি গগৈৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

লুৰীণজ্যোতি গগৈৰ সংবাদমেল

 




#press meet#lurin jyoti gogoi#ajp


W7S, NEWS,ষ্টাফৰিপোৰ্টাৰ : 

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত অসম জাতীয় পৰিষদ (অজাপ)ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে সকলো ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনোৱাৰ লগতে বিধায়কৰূপে নিৰ্বাচিত ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈকো লুৰিণে অভিনন্দন জনায়৷

সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয় ,"১০০ দিন পূৰ্বে জন্ম হোৱা ‘অজাপ’ই ক'ম সময়ৰ ভিতৰতে সকলো লোককে স্পৰ্শ কৰাটো ইমান সহজ নহয়৷ এই নিৰ্বাচন জাতীয়তাবাদী এটা ধাৰা প্ৰতিষ্ঠাৰ চেষ্টা আছিল৷ ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক দলৰ পৰা অসম জাতীয় পৰিষদ সদায় দূৰত থাকিব।সাম্প্ৰদায়িক শক্তিৰ সহযোগিতা লৈ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিজেপি জয়ী হ’ল৷ যিসকলে 'অজাপ'ক ভোট দিলে সেই ভোটখিনিকে মূলধন হিচাপে লৈ ভৱিষ্যতে আগবঢ়ি যাম।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here