মুখ্যমন্ত্ৰীৰ ভিডিও কনফাৰেন্স - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 6 May 2021

মুখ্যমন্ত্ৰীৰ ভিডিও কনফাৰেন্স

 




#videoconference#cm#assam


W7S,NEWS, নিউজ ডেস্ক : ক'ভিড-১৯ৰ জটিল পৰিস্থিতিৰ বাবে বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে সামগ্ৰিক অৱস্থাৰ পৰ্যালোচনা কৰে। 

ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় 'হাস্পতালসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক'ভিড-১৯ ব্যৱস্থাপনাৰ সবিশেষ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ দাম যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। তদুপৰি, জিলাসমূহত ব্যাপকভাৱে সজাগতা বৃদ্ধি কৰাৰ লগতে ক'ভিড-১৯ৰ সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা এলেকাত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। আনহাতে, কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে সঘনাই আলোচনা কৰিবলৈও বিষয়ববীয়াক কয়।

তদুপৰি, এই জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এ পি ডি চি এল-ৰ সৈতে আলোচনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here