W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : দেশবাসীক মঙলবাৰে সম্বোধন
কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
দেশত ক'ৰনাৰ জটিল পৰিস্থিতি বুলি মন্তব্য কৰে মোডীৰ ।
ক'ৰনাত মৃত্যু হোৱা প্ৰতি গৰাকীৰ পৰিয়াললৈ সমবেদনা প্ৰধানমন্ত্ৰীৰ ।
দেশৰ স্বাস্থ্য কৰ্মী, পেৰামেডিকেল ষ্টাফ, চিকিৎসকক,এম্বুলেণ্সৰ চালকক ধন্যবাদ জনায় প্ৰধান মন্ত্ৰীয়ে মোডীয়ে । তেওঁ কয় 'দেশত অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে ।
দেশে পুনৰ এক নতুন প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিছে ।
মহামাৰীৰ সৈতে সকলোকে একত্ৰিত হৈ যুঁজাৰ আহ্বান ।
বিপদৰ সময়ত দেশবাসকীক ধৰ্য্য ধৰাৰ আহ্বান জনায় মোডীৰ ।
মেডিচিন কোম্পানীয়ে বৃদ্ধি কৰিছে ঔষধৰ উৎপাদন আৰু যোগান ।
অক্সিজেনৰ নাটনি দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ।
বৰ্তমানলৈ দেশত ১২ কোটি ভেকচিন প্ৰদান কৰা হৈছে ।
১ মেৰ পিছত ১৮ বছৰৰ সকলো ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰা হ’ব ।
দেশত অত্যাধুনিক কোভিড হস্পিতাল বনোৱাৰ কাম আৰম্ভ কৰা হৈছে বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ৰাজ্য চৰকাৰে শ্ৰমিকক ভৰষা প্ৰদান কৰাৰ আহ্বান মোডীৰ।
শ্ৰমিক সকলে চহৰ এৰি নযোৱাৰ ব্যৱস্থা কৰাৰ আহ্বান মো়ডীৰ ।
মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ।
ৰাজ্য সমূহক লকডাউন শেষ বিকল্প হিচাপে ব্যৱহাৰৰ আহ্বান নৰেন্দ্ৰ মোডীৰ ।'
No comments:
Post a Comment