উত্তৰগুৱাহাটী অশ্বক্লান্ত দেৱালয়ত অশোক অষ্টমী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 April 2021

উত্তৰগুৱাহাটী অশ্বক্লান্ত দেৱালয়ত অশোক অষ্টমী

l



 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ:অস্তি বিসৰ্জন আৰু অষ্টমী স্নানৰ বাবে বৃহৎ জনসমাগম, কোভিড প্ৰটোকল ধোৱা চাঙত  গুৱাহাটীঃ ৰাজ্যত কৰোনাৰ ভয়বহতাৰ মাজতো  মঙলবাৰে অশোক অষ্টমীৰ দিনা উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত  হেজাৰ হেজাৰ মানুহৰ সমাগম হয়।মৃতকৰ অস্তি বিসৰ্জন আৰু  অষ্টমী স্নানৰ বাবেই  এই জনসমাগম হয়।প্ৰবাদ মতে অশোক অষ্টমীৰ দিনা অশ্বক্লান্তত থকা বিষ্ণুপদত মৃতকৰ অস্তি বিসৰ্জন দিলে  দিলে মৃতকৰ আত্মাই মুক্তি পায় বুলি জনবিশ্বাস আছে, আনহাতে অশোক অষ্টমীৰ এই পবিত্ৰ দিনটোত গঙ্গাৰ পৰা এধাৰ পবিত্ৰ জল আহি ব্ৰহ্মপুত্ৰত মিলিত হয় বুলিও জনবিশ্বাস (আচলতে অন্ধ বিশ্বাস) আছে।সেয়েহে আজিৰ এই পবিত্ৰ বুলি বিশ্বাস কৰা  দিনটোত  দেৱালয় খনৰ বিষ্ণুপদত  হেজাৰ হেজাৰ মানুহে ধৰ্মীয় ৰীতি নীতিৰে অস্তি বিসৰ্জন দি ব্ৰহ্মপুত্ৰত স্নান কৰে। আনহাতে  অশোক অষ্টমীৰ দিনটোত ব্ৰহ্মপুত্ৰত গা ধুলে গংগাস্নান কৰাৰ দৰে পবিত্ৰ হয় বুলিও বিশ্বাস কৰে ।সেয়েহে অশ্বক্লান্তৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত স্নান কৰা মানুহ লোকে লোকাৰণ্য হৈ পৰে। যোৱাবাৰ যিহেতু কোভিদৰ কাৰণে অশোক অষ্টমীৰ স্নান তথা অস্তি বিসৰ্জন বন্ধ ৰখা হৈছিল এইবাৰ বৃহৎ সংখ্যক মানুহৰ সমাবেশ  দেখা যায়। কিন্ত বৰ্তমান দেশত কৰোনাই ভয়াবহ ৰূপ ধাৰন কৰাৰ পিচতো  যাত্ৰী সকলে কোভিত প্ৰটোকল নতুবা সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত হোৱা নাছিল।বহুতো মহিলা যাত্ৰীয়ে কোলাত কেচুৱা লৈ মাক্স পৰিধান নকৰাকৈ ঘুৰী ফুৰাও দেখ পোৱা গৈছিল।

  দেৱালয়লৈ যোৱা মুঠ তিনিটা পথতে গাড়ী আৰু মানুহৰ এনেকুৱা সমাগম হৈছিল যাক নেকি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনো নিয়ন্ত্ৰন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছিল।যানবাহন বিলাক নিয়ন্ত্ৰনৰ অভাবত যেনি তেনি সোমাই‌ সকলোবোৰ পথ ৰূদ্ধ হৈ পৰিছিল যাৰ ফলত যাত্ৰী বোৰে তিনি চাৰি কিলো মিটাৰ পৰ্য্যন্ত পথ খোজকাৰি যাবলৈ বাধ্য হৈছিল।জিলা প্ৰশাসন তথা পুলিচ প্ৰশাসনে আগতীয়াকৈ পৰিকল্পনা কৰি ব্যৱস্থা ললে যাত্ৰী সকলে ইমান হাৰাশাস্তি হ'ব লগীয়া নহল হেতেন বুলি সচেতন মহলে আলোচনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here