কটন বিশ্ববিদ্যালয়ত স্নাতক প্ৰথম ষান্মাসিকৰ শিক্ষার্থীৰ সংবাদমেলত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 April 2021

কটন বিশ্ববিদ্যালয়ত স্নাতক প্ৰথম ষান্মাসিকৰ শিক্ষার্থীৰ সংবাদমেলত




 W7S NEWS,ষ্টাফৰিপোৰ্টাৰ : 'অনলাইনত স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে কটন বিশ্ববিদ্যালয়ৰ

স্নাতক প্ৰথম ষান্মাসিকৰ একাংশ শিক্ষার্থীয়ে। এই সন্দৰ্ভত মঙলবাৰে বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ একাংশ শিক্ষাৰ্থীৰ আহ্বানত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলযোগে বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ শিক্ষাৰ্থী মৃগাংক কাশ্যপে কয় ' কৰ'না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়ৰ চৌহদত গৈ পৰীক্ষা দিয়াতো কোনো পধ্যে গ্রহণযোগ্য নহয়। খোদ স্বাস্থ্য মন্ত্ৰীয়ে ক'ভিডৰ দ্বিতীয় ঢৌৰ ভয়াবহতাৰ কথা কৈছে। এইবাৰ বতাহতো ক'ভিড সংক্ৰমিত হোৱাৰ ভয়াবহতা পোহৰলৈ আহিছে। আমি আমাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২৩ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথম 

ষান্মাসিকৰ পৰীক্ষা স্থগিত কৰাৰ দাবী জনালোঁ। 

অফলাইন যোগে পৰীক্ষা দিবলৈ ইচ্ছুক নহয়  আমাৰ ছাত্ৰ ছাত্ৰী সকল। সেয়ে নিজৰ লগতে অধ্যাপক সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আমি দাবী জনালোঁ। আমি পৰীক্ষা দিবলৈ সাজু কিন্তু আমাৰ স্বাস্থ্যৰ সুৰক্ষা সুনিশ্চীত কৰাৰ দাবী জনালোঁ। এই সন্দৰ্ভত আমি ৰঙালী বিহুৰ সময়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনলাইন যোগে স্মাৰস্ক পত্ৰ প্ৰেৰণ কৰিছোঁ। সেইদৰে ১৮ এপ্ৰিলত আমি স্নাতক প্ৰথম ষান্মাসিকৰ শিক্ষাৰ্থী সকলৰ স্বাক্ষৰলৈ এখন দাবী সম্বলিত স্মাৰক-পত্ৰ শৈক্ষিক পঞ্জীয়ন (Academic Register), উপাচাৰ্য আৰু পঞ্জীয়কক প্ৰেৰণ কৰিছোঁ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আমাৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত কৰিব বিচাৰিছে আৰু আমাৰ পাঠদান অনলাইনত কৰিব বিচাৰিছে। আমাৰ বিশ্ববিদ্যালয়ত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সকলো শিক্ষাৰ্থীৰে ক'ভিড পৰীক্ষা কৰিলে হয়তো আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পাব। আমাৰ পৰা আমাৰ পৰিয়ালৰ লোকো ক'ভিডত আক্রান্ত হোৱাৰ সম্ভাৱনা আছে।

সেয়ে আমি বিচাৰিছোঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সঠিক সিদ্ধান্ত গ্ৰহণ কৰক।'

উল্লেখ্য, বিশ্ববিদ্যালয়ৰ ৮ ৰ পৰা ৯ জন শিক্ষাৰ্থী আৰু অধ্যাপক ইতিমধ্যে আক্ৰান্ত ক'ভিডত আক্ৰান্ত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here