ভঙাগড় কালীমন্দিৰ সমিতিৰ 'ব'হাগৰ মিঠা অনুভৱ' শীর্ষক অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 April 2021

ভঙাগড় কালীমন্দিৰ সমিতিৰ 'ব'হাগৰ মিঠা অনুভৱ' শীর্ষক অনুষ্ঠান

 



W7S, ষ্টাফৰিপোৰ্টাৰ, ভঙাগড়ৰ কালী মন্দিৰ প্ৰাংগণত শশীন্দ্ৰ কুমাৰ বৰুৱাৰ পৰিকল্পনা আৰু পৰিচালনাৰে পহিলা ব'হাগত 

'ব'হাগৰ মিঠা অনুভৱ' শীর্ষক এক বিহু অনুষ্ঠানৰ আয়োজন কৰা হয়। সিদিনা মন্দিৰৰ অন্যতম প্ৰতিস্থাপক ৰাজেন নাথে ধৰ্মধ্বজা আৰু স্থানীয় সমাজ সেৱক ইচফাকুৰ ৰহমানে বিহুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে। তাৰ পাছত লক্ষীমপুৰ চন্দ্ৰপ্ৰভা ছোৱালী বিহু হুচৰি দলে বিহু হুচৰি প্ৰদৰ্শন কৰে। তাৰপাছত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মন্দিৰৰ প্ৰাক্তন পূজাৰী বিপিন শৰ্মা, বলিউদত প্ৰতিষ্ঠিত অসম সন্তান কমল নাথ, অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, মিনু বনিয়া, প্ৰযোজক ইনু বৰুৱা, বিহু বিশেষজ্ঞ ড০ প্ৰসন্ন গগৈ, শিল্পী ইন্দ্ৰানী তালুকদাৰ, বিহু  সম্ৰাঞ্জী সীমা কাকতি, নিলাক্ষী বৰগোঁহাই, বিহুৱা নুৰ আলি, চিকিৎসক তথা লেখিকা ৰুবী কটকী আৰু অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ সঞ্চালক ডাঃ আলক্ষ বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আনহাতে নুনমাটি ন-কুঁহিপাত জেং বিহুৰ দল আৰু প্ৰণিতা বৰুৱা ৰ পৰিচালনাৰে বাৰেৰহনীয়া অনুষ্ঠান প্ৰদৰ্শন কৰা হয়।শেষত চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে বিহু হুচৰি প্ৰদৰ্শন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here