বেলতলা ব'হাগী উৎসৱ বাতিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 April 2021

বেলতলা ব'হাগী উৎসৱ বাতিল

W7S, NEWS


ষ্টাফৰিপোৰ্টাৰ: 'বেলতলা ব'হাগী উৎসৱ বাতিল উৎসৱ বাতিল কৰা হৈছে। ৰাজ্যত ক'ভিড আক্রান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্যৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বেলতলা ব'হাগী উৎসৱ উদ্ যাপন সমিতিয়ে। এই উপলক্ষে শনিবাৰে বেলতলাৰ পুবেৰুণ সংঘৰ ইণ্ডৰ হলত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে বেলতলা ব'হাগী উৎসৱ উদ্ যাপন সমিতিৰ সভাপতি ৰাতুল বৰুৱাই। তেওঁ লগতে কয় ' ৰাজ্যৰ জনগণৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সম্প্ৰতি সমগ্ৰ দেশ তথা ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে কৰ'না ভাইৰাছত আক্ৰান্তত সংখ্যা। সেয়ে কৰ'না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমি ২৩ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিব লগীয়া ৪৩ সংখ্যক ব'হাগী উৎসৱ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্ত কেৱল আমাৰ নহয় স্থানীয় ৰাইজেও এই সিদ্ধান্ত গ্ৰহণ কৰাত আমাক সহযোগ কৰিছে। এইবাৰ আমাৰ অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় শিল্পী উদিত নাৰায়ণ, মহালক্ষ্মী আয়াৰ উপস্থিত থকাৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, শংকুৰাজ কুঁৱৰ আদি বিভিন্ন শিল্পীক সংগীতানুষ্ঠান পৰিবেশন কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। লগতে পাটমাদৈ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। কিন্তু চৰকাৰৰ এছ অ' পি বিধি মানি চলাৰ ক্ষেত্ৰত হ'বলগীয়া অসুবিধা তথা জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত হ'ব লগীয়া অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি কেতিয়াও নিবিচাৰোঁ যে আমাৰ বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহি কৰ'নাত আক্ৰান্ত হোৱাৰ বেয়া বার্তা এটা সমাজলৈ যাওঁক। অন্যান্য বিহু কমিতিসমূহেও চৰকাৰী বিধি মানি বিহুৰ আয়োজন কৰা উচিত।' সংবাদমেলযোগে 

বেলতলা ব'হাগী উৎসৱ উদ্ যাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে কয় 'এইবাৰ আমি ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব'হাগী উৎসৱৰ আয়োজন কৰিব নোৱাৰিলো। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। চৰকাৰৰ নিয়ৱলীৰ প্ৰতি সন্মান জনাই আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিহু কমিটি সমূহে চৰকাৰৰ এছ অ' পি বিধি মানি চলক। আমি শিল্পী সকলৰ সহায়ৰ বাবে সদায়ে প্ৰস্তুত আছোঁ। এই জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোনোবা ন্যাস, স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিলে আমি তেওঁলোকৰ জৰিয়তে শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈ আছোঁ। লগতে সমাজৰ অবস্থাবান লোকসকলকো এই দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ।'  সংবাদমেলত বেলতলা ব'হাগী উৎসৱ উদ্ যাপন সমিতিৰ  অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here