সোণাইঘুলিৰ ৰাজহ নগৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ সিদ্ধান্তৰ বিৰোধিতাত প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 April 2021

সোণাইঘুলিৰ ৰাজহ নগৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ সিদ্ধান্তৰ বিৰোধিতাত প্ৰতিবাদ

 



W7S, NEWS ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ সোণাইঘুলিৰ ৰাজহ নগৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় পাঁচশতাধিক লোকে অংশগ্ৰহণ কৰে। পশ্চিম সোণাইঘুলি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত ৰাজহ নগৰস্থিত অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ আদি লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজহ নগৰ, ৰংপুৰ নগৰ, দক্ষিণগাঁও, কৈলাশপুৰ, হিড়িম্বাপুৰ, অনিল নগৰ আদিৰ লোকে অংশগ্ৰহণ কৰে।এই কাৰ্যসূচীৰ জৰিয়তে পশ্চিম সোণাইঘূলি আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক বিপুল ডেকাই কয় ' চৰকাৰৰ এই সিদ্ধান্তৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপন হলে অঞ্চলটোৰ বায়ু, পানী প্ৰদূষিত হোৱাৰ লগতে নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ'ব অঞ্চলবাসী।'এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে এক দাবী সম্বলিত স্মাৰকপত্ৰ অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষক প্ৰদান কৰে। উল্লেখ্য, চলিত বছৰৰ ২ এপ্ৰিলত স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদত কামৰূপ (ম) জিলা উপাযুক্তৰ জৰিয়তে মুখ্য সচিব আৰু ৩ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক এখন স্মাৰক পত্ৰ কৰে যদিও আজি পৰ্যন্ত কোনো সঁহাৰি লাভ নকৰিলে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here