জনপ্ৰিয় সংগীত যুতি 'নাদিম-শ্ৰাৱণ'ৰ শ্ৰাৱণ ৰাথোৰৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 April 2021

জনপ্ৰিয় সংগীত যুতি 'নাদিম-শ্ৰাৱণ'ৰ শ্ৰাৱণ ৰাথোৰৰ মৃত্যু






 W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : বলিউডৰ ৯০ ৰ দশকৰ সোণালী সময়ৰ জনপ্ৰিয় গীতসমূহৰ স্ৰষ্টা আছিল নাদিম-শ্ৰাৱন। তেওঁলোকৰ দ্বাৰা পৰিচালিত হিন্দী গীতে সমূহ হৈ পৰিছিল অধিক জনপ্ৰিয়। চিৰসেউজ গীতবোৰৰ আজিৰ প্ৰজন্মৰ মাজতো যথেষ্ট জনপ্ৰিয়। এই যুটীৰ শ্ৰাৱন ৰাথোৰৰ প্ৰাণ কাঢ়ি নিলে কৰ'না ভাইৰাছে। সংগীত পৰিচালক নাদিম-শ্ৰাৱন যুটীৰ শ্ৰাৱনৰ কৰ'নাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সংকটজনক অৱস্থাত তেওঁ সোমবাৰে ভৰ্তি হৈছিল মুম্বাইৰ এছ এল ৰহেজা হাস্পতালত।বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বলিউড জগত শোক স্তব্ধ হৈ পৰে। বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালকৰ যুটী আছিল নাদিম শ্ৰাৱন। দুয়ো একেলগে দিছিল বলিউডৰ সোণালী সময়ৰ বহু চুপাৰ হিট গীতৰ সুৰ। তেওঁৰ মৃত্যুত এটা সোনালী যুগৰ অৱসান ঘটিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here