হোটেল, ব্যক্তিগত চিকিৎসায়ৰকৰ্তৃপক্ষৰে আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 22 April 2021

হোটেল, ব্যক্তিগত চিকিৎসায়ৰকৰ্তৃপক্ষৰে আলোচনা

*হোট
েল, ব্যক্তিগত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰে জিলা প্ৰশাসনৰ বৈঠক* W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সকলো বিকল্প ব্যৱস্থা সাজু কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ বৃহস্পতিবাৰে মহানগৰীৰ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে দ্বিতীয়বাৰৰ বাবে বৈঠকত বহে জিলা প্ৰশাসনৰ প্ৰতিনিধি৷ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ মাজত বুজাবুজি হ’লে হোটেলৰ কিমান বিচনা অতিৰিক্তভাৱে পোৱা যাব তাৰ বুজ লয় জিলা প্ৰশাসনৰ মুৰব্বীসকলে৷ ঘৰত থাকিবলৈ ইচ্ছা নকৰা লক্ষণ নথকা ৰোগীসকলক চিকিৎসালয়ৰ পৰিৱৰ্তে হোটেলত ৰখাৰ বাবেই এই পদক্ষেপ প্ৰশাসনৰ৷ জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত বহা বৈঠকখনত হোটেল আৰু ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিনিধিৰ লগতে অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° গনেশ শইকীয়া উপস্থিত থাকে৷ ইয়াৰ পিছতে জিলাখনৰ মণ্ডলসকলৰ লগতো এখন বৈঠক অনুষ্ঠিত হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here