গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডত একক চিত্ৰ প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 April 2021

গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডত একক চিত্ৰ প্ৰদৰ্শনী

 





W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ, গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডত দেওবাৰৰ পৰা আৰম্ভ হৈছে বিশিষ্ট চিত্ৰশিল্পী তথা গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসৰ এখন একক চিত্ৰ প্ৰদর্শনী। 'লক ডাউন মেমেণ্টছ' (Lock Down Mementos) শীৰ্ষক চিত্ৰ প্ৰদর্শনীখন উদ্বোধন কৰে বাংলাদেশৰ গুৱাহাটীস্থ উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ তনবীৰ মনচুৰে। তেওঁ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়োৱাৰ লগতে লকডাউনৰ সৎ ব্যৱহাৰ কৰা বাবে চিত্ৰশিল্পী কিশোৰ কুমাৰ দাসক ধন্যবাদ জনায়। 

ইয়াৰ লগতে ৬০ পৃষ্ঠা জোৰা এখন পুস্তিকা উন্মোচন কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই। এই পুস্তিকা খনত বিশিষ্ট কবি-সাহিত্যক হৰেকৃষ্ণ ডেকা, চিত্ৰশিল্পী নিখিলেশ্বৰ বৰুৱা আৰু জ্যেষ্ঠ  সাংবাদিক দুৰ্বা ঘোষে লিখা একোটা লিখনি প্ৰকাশ পাইছে। এই অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শংকৰ লাল গোবেংকা, ব্যতিক্ৰম গ্রুপৰ সহযোগী প্ৰতিস্থাপক ড০ সৌমেন ভাৰাতীয়া, গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডৰ সভাপতি আমিনুল হক, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়া ৰাম কিশোৰ শৰ্মা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে। ময়ুৰী ৰাজবংশী ৰাজবৰুৱাই আঁতধৰা সভাখনত বিশিষ্ট চিত্ৰশিল্পী কিশোৰ কুমাৰ দাসে কয় ' বিগত বছৰৰ ২৪ মাৰ্চৰ পৰা হোৱা লকডাউনৰ সময়ত মই অংকন কৰা এশখন চিত্ৰৰ প্ৰদৰ্শন 'লক ডাউন মেমেণ্টছ' নামেৰে কৰা হৈছে। ইয়াৰ জৰিয়তে আমি বাংলাদেশৰ চিত্ৰশিল্পী আৰু আমাৰ চিত্ৰ শিল্পীৰ চিত্ৰ কলাৰ ভাব আদান প্ৰদানৰো প্ৰয়াস কৰিছোঁ। উল্লেখ্য, গুৱাহাটী আৰ্টিষ্টছ্ গীল্ডৰ উদ্যোগত আৰু ব্যতিক্ৰম গ্রুপৰ সহযোগত 

গীল্ডৰ কলা বিথীকাত অনুষ্ঠিত এই প্ৰদৰ্শনীখন ২৫ এপ্ৰিললৈ দিনৰ ২ বজাৰ পৰা  নিশা ৮ বজালৈ ৰাইজৰ বাবে মুকলি থাকিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here