অফলাইনৰ পৰীক্ষা বাতিলৰ দাবীত লতাশিল খেলপথাৰত ছাত্ৰ সমাজৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 April 2021

অফলাইনৰ পৰীক্ষা বাতিলৰ দাবীত লতাশিল খেলপথাৰত ছাত্ৰ সমাজৰ প্ৰতিবাদ

 




W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ, অফলাইনৰ পৰীক্ষা বাতিলৰ দাবীত দেওবাৰে গুৱাহাটীৰ লতাশিল খেলপথাৰত ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে উপস্থিত ছাত্ৰ সমাজে হাতে হাতে প্লে-কাৰ্ড লৈ আমি ন্যায় বিচাৰোঁ, শিক্ষা মন্ত্ৰী নিদ্ৰাৰ পৰা উঠক আদি শ্লো-গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্র নিৰ্জু নাথে কয় ' আমি অফলাইনৰ পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কৰ'না ভাইৰাছৰ দ্বিতীয় ঢৌৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি অফলাইনত পৰীক্ষা দিয়াৰ তীব্ৰ বিৰোধীতা কৰিছোঁ। আমি নিবিচাৰোঁ যে কৰ'না ভাইৰাচত ছাত্ৰ সমাজ আক্ৰান্ত হওঁক। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰ গঠন হলে এই বিষয়ত মতামত প্ৰকাশ কৰিব বুলি কৈছে কিন্তু তেতিয়ালৈ হাইস্কুল শিক্ষান্ত আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে বেছি দিন সময় নাথাকিব। সেয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সময় থাকোতেই উচিত সিদ্ধান্ত ল'বলৈ আহ্বান জনালোঁ। আমাৰ মূল দাবী হ'ল অনলাইনত পৰীক্ষাৰ আয়োজন কৰা নতুবা পৰীক্ষা সাময়িক ভাৱে স্থগিত ৰাখক। আমাৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্রীক উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। আনহাতে যি সকল গাওঁত থকা দুখীয়া শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা উচিত। চৰকাৰে যদি স্কুটি  দিব পাৰে তেনেহেল গাঁওৰ দুখীয়া শিক্ষার্থীৰ বাবে অনলাইনত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমাৰ ইয়াত প্ৰায় ৩.২৫ লাখ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হয়। এই সকল শিক্ষার্থীৰ কথা শিক্ষা মন্ত্ৰীয়ে চিন্তা কৰা উচিত।বিশ্ব স্বাস্থ্য সংস্থাইও ক'ভিডৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ কথা উল্লেখ কৰিছে গতিকে আমাৰ চৰকাৰে এই কথা বুজি উঠা উচিত।'  উল্লেখ্য, এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী কমাৰ্চ কলেজ, কে চি দাস কমাৰ্চ কলেজ, আৰ্য কলেজৰ লগতে নিক'ল্ছ  এইছ এছ স্কুল, বাই ডব্লিউ চি এ স্কুল, গুৰু নানক স্কুল আদিৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here