প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 April 2021

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু

 






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী 

ডাঃ ভূমিধৰ বৰ্মনৰ দেওবাৰে গুৱাহাটীৰ দিছ্পুৰ হাস্পতালত মৃত্যু হয়। 

১৯৩১ চনৰ ১২ অক্টোবৰত  নলবাৰী জিলাৰ বেলশৰ গাঁৱত জন্ম গ্ৰহণ কৰা ডাঃ ভূমিধৰ বৰ্মণৰ পিতৃৰ নাম আছিল ভকতৰাম বৰ্মন আৰু মাতৃৰ নাম আছিল মঠোপ্ৰিয়া বৰ্মন। ভকতৰাম বৰ্মন এজন প্ৰখ্যাত ব্যৱসায়ী আছিল। ভকতৰাম বৰ্মনৰ পাঁচটা সন্তান আছিল তিনিজন পুত্ৰ আৰু দুজনী কন্যা। পিতৃ-মাতৃৰ আটাইতকৈ কণিষ্ঠ পুত্ৰ আছিল ডাঃ ভূমিধৰ বৰ্মন।

ডাঃ ভূমিধৰ বৰ্মনে সৰুতে বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। ১৯৫১ চনত তেওঁ টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ১৯৫৩ চনত কটন কলেজৰ পৰা আই. এছ. চি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫৮ চনত তেওঁ সুখ্যাতিৰে এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হয়।

এম. বি. বি. এছ. পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ গাঁও বেলশৰতে এখন ব্যক্তিগত চিকিৎসা সেৱা কেন্দ্ৰ এটা স্থাপন কৰে। ১৯৬৩ চনত তেওঁ অসম চৰকাৰৰ চাকৰিত যোগদান কৰি শ'লমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰূপে সেৱা আগবঢ়ায়। তেওঁ বৰপেটাৰোড স্বাস্থ্য কেন্দ্ৰত প্ৰথম শ্ৰেণীৰ সহকাৰী ছাৰ্জনৰূপে নিযুক্তি লাভ কৰিছিল। মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বয়স আছিল ৯১ বছৰ।

ডাঃ ভূমিধৰ বৰ্মন ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ নলবাৰী জিলা কংগ্ৰেছ (ই) কমিটীৰ সভাপতি আছিল।

১৯৮৫-৮৬ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আছিল।

১৯৯৭-৯৮ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি আছিল।

ইয়াৰ উপৰিও অসম কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৭৮ চনত টিহুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তেওঁ সভাপতি আছিল।

২০০৬ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক বেলশৰ অধিৱেশনৰো সভাপতি আছিল।

১৯৬১ চনত ডাঃ ভূমিধৰ বৰ্মন কামৰূপ জিলাৰ পলাশবাৰীৰ মালতী দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ চাৰিটা সন্তান, এজন পুত্ৰ আৰু তিনিজনী কন্যা। পুত্ৰৰ নাম দিগন্ত বৰ্মন। তেওঁ এজন এ. চি. এছ. বিষয়া। কন্যা তিনি গৰাকী হ'ল: দীপালী বৰ্মন, ৰীণা বৰ্মন আৰু ৰীতা বৰ্মন। 

ডাঃ ভূমিধৰ বৰ্মনক হত্যা কৰিবৰ বাবে উগ্ৰপন্থীয়ে তিনিবাৰকৈ আক্ৰমণ কৰিছিল। প্ৰথম আক্ৰমণ ১৯৮৬ চনত নলবাৰী জিলাৰ বেলশৰ পুলিচ থানাৰ সন্মুখত, দ্বিতীয় আক্ৰমণ ১৯৯০ চনৰ ২০ জানুৱাৰীত বেলশৰত নিজ বাসভৱনত জাতীয় পতাকা উত্তোলন কৰাৰ সময়ত আৰু তৃতীয়টো আক্ৰমণ ১৯৯৫ চনৰ ৩০ ডিচেম্বৰৰ দিনা বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰা গাঁৱত। এই তিনিওতা আক্ৰমণত কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ ৰক্ষা পৰে। অসমৰ ৰাজনীতিৰ মহীৰূহ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত ভূমিধৰ বৰ্মন দেৱৰ অন্তিম যাত্ৰাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে পুৱা ১০:০০ বজাত

অসম বিধানসভা চৌহদত শ্ৰদ্ধাঞ্জলি অৰ্পণ,পুৱা ১০:৩০ বজাত

জনতা ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। তাৰ পাছত

পুৱা ১১:০০ বজাত

গুৱাহাটী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ।

দুপৰীয়া  ০১:০০ বজাত

নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সম্মুখত থকা

বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ।

দুপৰীয়া  ০১:৩০ বজাত

নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি অৰ্পণ।

দুপৰীয়া  ০২:০০ বজাত

নলবাৰী ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ। আবেলি  ০৩:০০ বজাত

মৰোৱা, আৰিকুছি ,বেজকুছি, লোহাৰকাঠা হৈ মুকালমুৱা ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ, আবেলি  ০৪:০০ বজাত

মুকালমুৱা কাপলাবড়িত তেওঁৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ। আবেলি  ০৫:০০ বজাত

বেলশৰত তেওঁৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব। মঙলবাৰে দিনৰ ১১:৩০ বজাত নলবাৰী জিলাৰ বেলশৰ শিঙিমাৰী, ভকতৰাম পুখুৰীৰ পাৰত 

(শোলমাৰী, ভৈৰাত) ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ অন্তেষ্টিক্ৰিয়া সমাপন কৰা হ'ব।

তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আদিৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here