২০২০ চনৰ ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ ৰ স্হান লাভ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 26 April 2021

demo-image

২০২০ চনৰ ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজ ৰ স্হান লাভ

Responsive Ads Here

 

IMG-20210426-WA0017


 ব্ৰীজ লৈ আন এক সন্মান


#film#brize#assam


W7S,NEWS, ষ্টাফৰিপোৰ্টাৰ :  চলচ্চিত্ৰ সমালোচক সকলৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা এফ আই পি আৰ ই এছ চি আই (FIPRESCI) ৰ ভাৰতৰ শাখাই প্ৰকাশ কৰা তালিকাত ২০২০ চনৰ নিৰ্বাচিত  শ্ৰেষ্ঠ দহখন ভৰতীয় চিনেমাৰ মাজত অন্তৰ্ভুক্তি লাভ কৰিছে অসমীয়া ভাষাৰ চিনেমা ব্ৰীজে।প্ৰতি বছৰে নিৰ্মাণ হোৱা  চিনেমা সমুহৰ পৰা দহ খন শ্ৰেষ্ঠ ছবিৰ তালিকা প্ৰকাশ কৰে ।সেই দহ খনৰ মাজৰ পৰাই আকৌ পৰ্যায় ক্ৰমে সৰ্বশ্ৰেষ্ঠ তিনি খন চিনেমা নিৰ্বাচন কৰে। এই তালিকাত ব্ৰীজৰ  অন্তৰ্ভূক্তীয়ে অসমৰ চলচ্চিত্ৰ অনুৰাগী সকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

কৃপাল কলিতাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ব্ৰীজে শেহতীয়াকৈ ১৯ সংখ্যাক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লছ এঞ্জেলছ (IFFLA) লৈ আমন্ত্ৰণ লাভ কৰিছে। চলিত বছৰৰ ২০-২৭ মে' অনুষ্ঠিত হ'বলগীয়া মহোৎসৱটোত 'ব্ৰীজ' ৰ লছ এঞ্জেলছত প্ৰিমিয়াৰ হ'ব।

ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ২৫ টাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অন্তৰ্ভুক্তি লাভ কৰিছে। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি, ১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আৰু ৫১ সংখ্যাক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ হৈ সন্মান লাভ কৰি কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ব্ৰীজ। ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজ ৰ সম্পাদনা কিশোৰ ডেকা। চিংক চাওণ্ড মাধব দাস আৰু গুনজিৎ শৰ্মা। ছাউণ্ড ডিজাইন আৰু মিক্সীং অমৃত প্ৰীতম।ডি আই ৰাজেশ য়াদব।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া।ব্ৰীজ ৰ মুল চৰিত্ৰ টোত অভিনয় কৰিছে শিৱা ৰানী কলিতা ই আনহাতে অনিন্দিতা দাস গোপমনী  গগৈ অনিন্দিতা দাস পাৰ্থ প্ৰতিম বৰা স্বপ্নীল নাথ ভূপেন শৰ্মা ৰোহিনী কুমাৰ ডেকা ধনজিৎ শৰ্মা শচিন্দ্ৰ ভূঞা আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভুমিকাত ব্ৰীজ ত অভিনয় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *