ৰাজগড় ৰোডত বিক্ষোভ
চুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডৰ দ্ৰুত প্ৰক্ৰিয়াৰে বিচাৰ আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ
#potest#asom mahila sangha#justice for sumila
W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : নাবালিকা সুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা ফাষ্ট-ট্ৰেক আদালতত বিচাৰ কৰি অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে অসম মহিলা সংঘই। এই দাবীত সোমবাৰে গুৱাহাটীৰ ৰাজগড় ৰোডত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসম মহিলা সংঘৰ সদস্যসকলে চুমিলা ৰংহাংপীৰ হত্যাকাৰীক শাস্তি দিয়ক, ইনকিলাব জিন্দাবাদ, চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ বিচাৰ লাগে, চুমিলা ৰংহাংপীক ন্যায় দিয়ক আদি শ্লো-গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে
সংঘৰ সম্পাদক অসমী গগৈয়ে কয় 'ৰহাত প্ৰশান্ত বৰঠাকুৰৰ ঘৰত বনকৰা ছোৱালী হিচাপে থকা নাবালিকা সুমিলা ৰংহাংপীৰ অমানুষিক হত্যাকাণ্ডই ৰাজ্যখনৰ চেতনাক জোকাৰি গৈছে। এই অমানুষিক হত্যাকাণ্ডৰ উচিত তদন্তসহ অপৰাধীৰ শাস্তিৰ দাবী তুলিছে সকলো সচেতন আৰু হৃদয়বান ব্যক্তি আৰু দল-সংগঠনে। আমি দাবী জনাইছোঁ যাতে সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হয় তাৰবাবে ফাষ্ট-ট্ৰেক আদালত দ্বাৰা ক'ম দিনৰ ভিতৰত গোচৰ মীমাংসা কৰিব লাগে।ইয়াৰ জৰিয়তে ঘটনাত লিপ্ত অপৰাধীৰ দৃষ্টান্তমূলক শাস্তি আৰু সুমিলা ৰংহাংপীৰ প্ৰতি যাতে ন্যায় প্ৰদান কৰা হয় তাৰবাবে চৰকাৰ, আৰক্ষী বিভাগক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ ল'বলৈ দাবী জনালোঁ।' আনহাতে চুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডৰ দ্ৰুত প্ৰক্ৰিয়াৰে বিচাৰ আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনে। ফেডাৰেচনৰ সভাপতি মানস বৰা আৰু উপ-সভাপতি বিতোপন গগৈয়ে এক বিবৃতিযোগে কয় ' চুমিলা ৰংহাংপীৰ নৃশংস হত্যাকাণ্ডত জড়িত প্ৰকাশ বৰঠাকুৰ, তেওঁৰ পত্নী ৰীণা বৰঠাকুৰ আৰু পুত্ৰ নয়নমণি বৰঠাকুৰক দ্ৰুত প্ৰক্ৰিয়াৰে কঠোৰতম শাস্তিৰ দাবী জনালোঁ। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু শিশু শ্ৰমিক প্ৰতিৰোধ আইনখন অধিক কাৰ্যকৰী কৰি এনে কাৰ্যত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালোঁ। চুমিলাৰ পৰিয়ালটোক আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰো দাবী জনালোঁ।'
No comments:
Post a Comment