W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ: অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত বুধবাৰে বিশিষ্ট গৱেষক, আলোচক,তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন প্ৰৱক্তা ড০ পৰাগমণি শৰ্মাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই উপলক্ষে অনুষ্ঠিত শোকসভাত সভাৰ কৰ্মচাৰী সকলে উপস্থিত হৈ প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাজলি অৰ্পণ কৰে। সভাত গুৱাহাটী কাৰ্যালয়ৰ সচিব প্ৰধান চন্দন শৰ্মাই প্ৰয়াত ড০ পৰাগমণি শৰ্মাৰ জীৱন আৰু কৃতিৰ বিষয়ে থুলমূলকৈ কয়। উল্লেখ্য, ২০১২ চনৰ ২৮ এপ্ৰিলত মাত্ৰ ৪৭ বছৰ বয়সত এক মটৰ দুৰ্ঘটনাত ড০ শৰ্মাৰ মৃত্যু হৈছিল আৰু তেওঁৰ সোঁৱৰণত পৰিয়ালৰ তৰফৰ পৰা সভাৰ গুৱাহাটী কাৰ্যালয়ত 'ড০ পৰাগমণি শর্মা ৰ সোঁৱৰণী সভাকক্ষ' নিৰ্মাণ কৰা হৈছে। এইবাৰ ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জনলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
Post Top Ad
Responsive Ads Here
Wednesday 28 April 2021

অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত ড০ পৰাগমণি শৰ্মাক শ্ৰদ্ধাঞ্জলি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment