দীনদয়াল দিব্যংগ আঁচনিৰ ধনৰ পৰা বঞ্চিত প্ৰতিবন্ধীৰ ক্ষোভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 28 April 2021

দীনদয়াল দিব্যংগ আঁচনিৰ ধনৰ পৰা বঞ্চিত প্ৰতিবন্ধীৰ ক্ষোভ

 



W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ  দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত প্ৰতিবন্ধীসকলে বুধবাৰে প্ৰাপ্য বিছাৰি গুৱাহাটীৰ উজান বজাৰৰ সমাজ কল্যাণ সঞ্চালকালয় কাৰ্যলয়ৰ মূখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংস্থাৰ সদস্য সকলে অসম চৰকাৰ হায় হায়, সমাজ কল্যাণ বিভাগ হায় হায়, হয় আমাক প্ৰাপ্য দিয়ক নহয় আমাক জেললৈ নিয়ক আদি শ্লো' গান দিয়ে।

এই কাৰ্যসূচীৰ জৰিয়তে

সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় 'ৰাজ্য চৰকাৰৰ পৰা মাহেকত পাবলগীয়া ১০০০ টকাটোৰ বাবে আমি প্ৰতিবাৰে আন্দোলন কৰিবলগীয়া হয়৷ বিভিন্ন অভিলাষী আঁচনিৰে  বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰে ঢাক ঢোল বজাই ৫ বছৰীয়া কাৰ্যকাল শেষ কৰিলে যদিও কোনোদিনে প্ৰতিবন্ধী লোকক  গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল৷ ইপিনে অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ পেঞ্চন আচনিৰ ধন প্ৰদান নকৰাত বিপদৰ সম্মুখীন হৈছে সৰহ সংখ্যক প্ৰতিবন্ধী লোক৷ বিগত কেইবামাহো ধৰি কৰি অহা আন্দোলনৰ পৰিপ্ৰেক্ষিতত বিহুৰ পূৰ্বে এটা কিস্তি অৰ্থাৎ তিনি মাহৰ ধন বিত্ত বিভাগে মুকলি কৰি দিছিল যদিও আজিকোপতি প্ৰায় ৫৫ হাজাৰ লোকে ধনৰাশি পাবলৈ সক্ষম হোৱা নাই৷ সৰহসংখ্যক বেংকৰ একাউণ্ট থকা এই ধনৰাশি পোৱাৰ ব্যৱস্থা নকৰাৰ বাবে আজি আমি আন্দোলন কৰিবলৈ বাধ্য হৈছো। একমাত্ৰ বিভাগৰ হেমাহিৰ বাবে আজি ৫৫ হাজাৰ প্ৰতিবন্ধী হিতাধিকাৰী বঞ্চিত হৈছে৷' উল্লেখ্য, পুৱা ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ অৱস্থান কৰিও কোনো সুফল লাভ নকৰাত প্ৰতিবাদকাৰী সকলে অৱশেষত মূল গেটৰ তলা বন্ধ কৰি অৱস্থান কৰে৷ বিভাগৰ সঞ্চালকে আহি লিখিত প্ৰতিশ্ৰুতি দিলেহে ক্ষান্ত হব বুলি কোৱাৰ পিছত অৱশেষত উপায়ন্তৰ হৈ আগন্তক তিনি মে' ৰ ভিতৰত দীনদয়াল দিব্যংগ পেঞ্চন আঁচনিৰ ধনৰাশি মুকলি কৰি দিব সঞ্চালক মনোজ কুমাৰৰ হৈ উপ সঞ্চালক দেবেন ভূঞাই লিখিত প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰনি পৰে। শেষত মালাকাৰে কয় 'যদি সোমবাৰৰ ভিতৰত এই ধনৰাশি হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰনৰ ব্যৱস্থা নকৰে তেন্তে ভয়াৱহ আন্দোলন গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। '

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here