চুমিলা ৰংহাংপীৰ ধর্ষণকাৰী আৰু হত্যাকাৰীক ফাঁচীৰ দাবী -সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা অসম (আইটছা) আৰু দেউৰী পিপল্ ছ জাষ্টিছ ফৰামৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 28 April 2021

চুমিলা ৰংহাংপীৰ ধর্ষণকাৰী আৰু হত্যাকাৰীক ফাঁচীৰ দাবী -সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা অসম (আইটছা) আৰু দেউৰী পিপল্ ছ জাষ্টিছ ফৰামৰ

 


 


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ: ৰহাৰ খাইগড়গাঁৱৰ 

চুমিলা ৰংহাংপীৰ ধর্ষণকাৰী আৰু হত্যাকাৰীক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু নয়নজ্যোতি বৰঠাকুৰ (নয়নমণি) ক ফাঁচীৰ দাবী জনাইছে -সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা অসম (আইটছা) আৰু দেউৰী পিপল্ ছ জাষ্টিছ ফৰামে। বুধবাৰে সন্থা দুটাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতৰ অধীনত বিচাৰ কৰি দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে। সংবাদমেলত সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা অসম (আইটছা)ৰ সভাপতি সুনীল কুমাৰ টেৰণে কয় '১২ বছৰীয়া গৰ্ভৱতী চুমিলা ৰংহাংপীৰ পৰিয়ালক উচিত ন্যায়ৰ লগতে এছ টি/এছ চি প্রিভেনচন অৱ এট্ৰ'চিটি (পি অ এ )এক্ট ১৯৮৯ ৰ আধাৰত আৰ্থিক ক্ষতিপূৰণ মুঠ ৫০ লাখ টকাৰ লগতে পৰিয়ালৰ কোনোবা এজনক কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে ( কে এ এ চি) চৰকাৰী চাকৰিত মকৰল কৰিব লাগে। এই ধৰণৰ ঘটনাৰ আমি ধিক্কাৰ দিছোঁ। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনালোঁ। এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হলে আমি শান্ত হৈ নাথাকিম। শদিয়াৰ পৰা ধুবুৰীলৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। খাতিখোৱা জনগোষ্ঠীয় লোকসকলৰ জীৱন-যাপনৰ মান উন্নত কৰিবলৈ তুলিৰাম ৰংহাঙে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত। তদুপৰি এই ঘৃণনীয় ঘটনাৰ অসম বাসীয়ে যাতে উচিত ন্যায় লাভ কৰে তাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত। তেওঁ কেৱল শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকিলে নহ'ব। এই ঘটনাৰ কালপ্ৰীতক  উচিত শাস্তি দিবলৈ আমি দাবী জনালোঁ।  লগতে ঢেকীয়াজুলিৰ ৰাভা মাতৃ-কন্যাৰ ধৰ্ষণ-হত্যা, গহপুৰৰ জানমণি কুটুমৰ গণ ধৰ্ষণ, হত্যাকাণ্ড, নুনমাটিৰ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ড, বোকাখাতৰ মুনু ডেকা, মাইতী পেগু, মমিতা দলেৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ উচিত ন্যায়  প্ৰদানত কৰা হেমাহীৰ বাবে আমি চৰকাৰক ধিক্কাৰ দিছোঁ।  তদুপৰি কৰ'না কালত হোম আইচলেচনত থকা ক'ভিড-১৯ আক্রান্ত ৰোগীক গ্ৰাম্য-নগৰাঞ্চলত হোম ডেলিভাৰী পদ্ধতিত অক্সিজেনৰ চিলিণ্ডাৰ যোগানৰ আঁচনি প্ৰৱৰ্তনৰ আমি দাবী জনালোঁ।'

সংবাদমেলত 

সদৌ ভাৰত জনজাতি ছাত্ৰ সন্থা অসম (আইটছা)ৰ 

উপদেষ্টা ৰাজু দেউৰীয়ে কয় 'চুমিলা ৰংহাংপীৰ ঘটনাটোৰ উচিত ন্যায় বিচাৰ হ'ব লাগে। ২০১৪ চনৰ নির্ভয়া কাণ্ডত যেনেদৰে দেশজুৰি তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছিল। লগতে ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষী প্ৰশাসন সক্ৰিয় হৈ পৰিছিল। কিন্তু জনগোষ্ঠীয় ছোৱালী বা মহিলাৰ ক্ষেত্ৰত এনেবোৰ ঘটনাত উচিত ন্যায় বিচাৰ কৰাত অৱহেলা কৰা দেখা যায়। সিদিনা চুমিলা ৰংহাংপীৰ ঘটনাত দণ্ডাধীশে যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ধৰণে কৰা দেখা নহ'ল। এই নিৰ্নম হত্যাকাণ্ডৰ সাতদিন সম্পূৰ্ণ হোৱাৰ পাছতো জিলা উপাযুক্তৰ তৰফৰ পৰা কোনো ধৰণৰ অনুদান আগবঢ়োৱা নহ'ল।

 সেইদৰে চুমিলা ৰংহাংপীৰ মৰুণোত্তৰ পৰীক্ষাৰ ভিডিও ৰেকৰ্ডিং কৰা নহ'ল। 

 উপযুক্ত তথ্য নাথাকিলে উচ্চ ন্যায়ালয় তথা উচ্চতম ন্যায়ালয়লে কেনেদৰে ন্যায় দিব সহজ-সৰল দুখীয়া পৰিয়ালটোক। জনগোষ্ঠীয় সাংসদ, বিধায়ক সকলে এই ঘটনা সংক্ৰান্তত মৌন ব্ৰত ধাৰণ কৰি আছে। তেওঁলোকে সকলো জানিও নজনাৰ ভাও ধৰি আছে। ইয়াৰ বাবে অসম চৰকাৰে লাজ পোৱা উচিত।' সংবাদমেলত দেউৰী পিপুল্ ছ জাষ্টিছ ফৰামৰ সভাপতি সঞ্জীৱ চেৰামে কয় ' চুমিলা ৰংহাংপীৰ ঘটনাৰ আমাক সু-বিচাৰ লাগে। কোনো  ছোৱালী, মহিলাৰ ক্ষেত্ৰত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত বিভিন্ন দল সংগঠন, স্বেচ্ছাসেৱী সংস্থাই মাত মাতক আৰু দুৰ্ভগীয়া পৰিয়ালটোক সহায়-সহযোগিতা আগবঢ়াওক।' সংবাদমেলত সংগঠন দুটাৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here