পশুপালন বিভাগৰ বার্তালোচনী 'পশুপালন বার্তা' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 April 2021

পশুপালন বিভাগৰ বার্তালোচনী 'পশুপালন বার্তা' উন্মোচন

 বিশ্ব পশু চিকিৎসা দিৱস উদযাপন






W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : ক'ভিড-১৯ ৰ সকলো নীতি-নিয়ম পালন কৰি শনিবাৰে গুৱাহাটীৰ চেনিকুঠি স্থিত পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয় চৌহদত বিশ্ব পশু চিকিৎসা দিৱস উদযাপন কৰা হয়। অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থা তথা অসম পশুচিকিৎসা পৰিষদৰ যুটীয়া উদ্যোগত আৰু ইনটাছ ফাৰ্মাচিউটিকেলৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিভাগৰ সচিব আৰু সঞ্চালক অশোক কুমাৰ বৰ্মনে। তাৰপাছত বিভাগৰ তথ্য আৰু প্ৰদৰ্শনী শাখাত পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰা প্ৰাচীৰ 'অনুৰণন' মুকলি কৰে তথ্য আৰু জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই। পশুপালন সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত বিজ্ঞানগুৰু ড০ ৰবীন্দ্ৰ নাথ গোস্বামী আৰু অতিৰিক্ত মুখ্য বন সংৰক্ষক এম কে যাদবে সাৱলীলভাৱে বিশ্ব পশু চিকিৎসা দিবসৰ তাৎপৰ্য বাখ্যা কৰে। সভাত পশুপালন তথ্য  বিষয়া ডাঃ দণ্ডেশ্বৰ ডেকাৰ সম্পাদনাৰে প্ৰকাশ পোৱা পশুপালন বিভাগৰ বার্তালোচনী 'পশুপালন বার্তা' ৰ প্ৰথম সংখ্যা উন্মোচন কৰে বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনে। উল্লেখ্য, ৰাজ্যখনৰ কেইবাগৰাকী আদৰ্শ পশুপালনক এই সভাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগত সংগতি ৰাখি 'ভেটেৰিনেৰিয়ান ৰেছপন্স টু দ্যা ক'ভিড-১৯ ক্ৰাইছিচ' শীৰ্ষক এক কাৰিকৰী সত্ৰৰ আয়োজন কৰা হয়। বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড০ পৰেশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত আলোচক হিচাপে  আৰণ্যকৰ আইন আৰু ওকালতি শাখাৰ জ্যেষ্ঠ পৰিচালক ডাঃ জিমি বৰা, গুৱাহাটীৰ এইমছৰ শৰীৰবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ অনিন্দিতা মহন্ত আৰু পশুচিকিৎসা বিষয়া অমিতাভ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here