সুমিলা ৰংহাংপীৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিভিন্ন দল সংগঠনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 April 2021

সুমিলা ৰংহাংপীৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিভিন্ন দল সংগঠনৰ


 







W7S, NEW ষ্টাফৰিপোৰ্টাৰ :

পখিলা খেদা বয়সত হত্যাকাণ্ডৰ বলি হ'ব লগীয়া হ'ল সুমিলা ৰংহাংপী। নগাওঁ জিলাৰ  ৰহাত ২২ এপ্ৰিলত পশ্চিম কাৰ্বি আংলঙৰ ১২ বছৰীয়া সুমিলা ৰংহাংপীক জীৱন্তে জ্বলাই হত্যা কৰা হ'য়। উল্লেখ্য, ৰহাৰ বেংক বিষয়া প্ৰকাশ বৰঠাকুৰ নামৰ এজন লোকে পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ পৰা বিদ্যালয়ৰ শিক্ষা দিয়াৰ প্ৰলোভনেৰে ৪ বছৰ পূৰ্বেই 

সুমিলা ৰংহাংপীক লৈ গৈছিল। ১২ বছৰীয়া 

সুমিলা বিগত চাৰি বছৰে 

নিজ ঘৰলৈ যাবলৈ দিয়া নাছিল প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পত্নী ৰাণী বৰঠাকুৰে। আনহাতে ২২ এপ্ৰিলত ঘটা নৃশংস হত্যাকাণ্ডৰ সময়ত প্ৰকাশ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি বৰঠাকুৰ বাসগৃহত উপস্থিত আছিল। এই ঘটনা সন্দৰ্ভত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ ( এ এছ চি পি চি আৰ) এ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই ঘটনা ২২ এপ্ৰিলত সন্দৰ্ভত এ এছ চি পি চি আৰ (চি) ৩০/২০২১/৪ নং পত্ৰযোগে আয়োগে নগাঁও জিলা উপযুক্ত আৰু নগাঁওৰ আৰক্ষী অধীক্ষকক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰৰ জৰিয়তে দোষীক আটক কৰি উপযুক্ত শান্তি প্ৰদানৰ দাবী উত্থাপন কৰে। আয়োগে এই ঘটনাৰ দোষীক আটক কৰাৰ পাছতো ফাষ্টট্ৰেক আদালতত বিচাৰ কৰাৰ দাবীত ২৩ এপ্ৰিলত পুনৰ 

এ এছ চি পি চি আৰ (চি)৩০/২০২১/৫ নং পত্ৰযোগে আয়োগে নগাঁও জিলা উপযুক্ত আৰু নগাঁওৰ আৰক্ষী অধীক্ষকক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য, আয়োগে এই ঘটনা সন্দৰ্ভত 

প্ৰকাশ বৰঠাকুৰৰ ওচৰ চুবুৰীয়াৰ পৰা সুমিলা ৰংহাংপীক প্ৰকাশ বৰঠাকুৰ আৰু পৰিয়ালৰ বাকী সদস্য সকলে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ খবৰ লাভ কৰে। লগতে কিশোৰী সুমিলা ৰংহাংপীক যৌন নিৰ্যাতন চলোৱাৰ লগতে হত্যাকাণ্ডৰ সময়ত সুমিলা ৰংহাংপী গৰ্ভৱতী আছিল বুলিও তথ্য লাভ কৰাৰ কথা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে উল্লেখ কৰে।  আয়োগে উল্লেখ কৰে ভাৰতীয় ' চাইল্ড এণ্ড এডোলেসনেন্ট লেবাৰ (প্ৰহিবিচন এণ্ড ৰেগুলেচন) এক্ট -১৯৮৬ ৰ আওতাত শিশু শ্ৰমিক ৰখাটো নিষিদ্ধ। তদুপৰি জে জে এক্ট, ২০১৫, পকছো এক্ট ২০১২ আদিৰ অধীনত দোষীক উপযুক্ত শান্তি দিয়াৰ দাবী জনাইছে আয়োগে।



এই ঘটনাক লৈ সম্প্ৰতি বিভিন্ন দল-সংগঠনে দোষিক দৃষ্টান্তমূলক শান্তি দিয়াৰ দাবী উত্থাপন কৰিছে।


 এই বৰ্বৰ কাৰ্যক এছ এফ আইয়ে কঠোৰতম ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।

এছ এফ আই, অসম ৰাজ্যিক কমিটি সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে এই সন্দৰ্ভত কয় 'এই ঘটনাই আমাৰ সমাজত বৰ্তি থকা অপৰাধমূলক মানসিকতা তথা শিশু শ্ৰমিকৰ অধিকাৰৰ বিষয়টো কি ৰূপত বিৰাজ কৰিছে সেয়া উদঙাই দিছে। চৰকাৰৰ "বেটি বচাও, বেটি পঢ়াও"যে বাস্তৱায়িত হোৱা নাই, সেয়াও প্ৰতিফলিত কৰিছে । এছ এফ আয়ে এই জঘণ্য ঘটনাৰ ক্ষিপ্ৰ আৰু উচিত তদন্ত তথা দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান তথা ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ দাবী জনালো।' আনহাতে এই ঘটনাৰ দোষিক উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে নিখিল ভাৰত ছাত্ৰ সন্থা ( আইছা)  অসম ৰাজ্যিক কমিটিয়ে। কমিটিৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয় ' আমি এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে এই ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদান কৰি দুখীয়া পৰিয়ালটোৰ সমস্ত দায়িত্ব প্ৰশাসনক ল'বলৈ আহ্বান জনালোঁ।' আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ দোষীক ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত চৰম শাস্তি দিবলৈ আৰু পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনাইছে। এই ঘটনাটো ৰাজ্য চৰকাৰৰ গৃহ বিভাগক গুৰুত্ব সহকাৰে ল'বলৈ দাবী জনাইছে।'


আনহাতে সামাজিক মাধ্যমতো বিভিন্ন জনে এই হত্যাকাণ্ডৰ দোষীক কঠোৰ শান্তি দিয়াৰ দাবী উত্থাপন কৰে। লগতে ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ বাবে চৰকাৰ, আৰক্ষী, প্ৰশাসনক কঠোৰ স্থিতি ল'বলৈ দাবী জনায়।





No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here